দৰং, 1 জুনঃ লক ডাউনে জুৰুলা কৰিছে বহুতৰে জীৱন ৷ দুবেলা দুমুঠি যোগাৰৰ বাবেও বহুতে কৰিবলগীয়া হৈছে হাহাকাৰ ৷ ব্যতিক্ৰম নহয় মঙলদৈৰ 2 নং কলনীৰ এগৰাকী কিশোৰীও ৷ অল্পনা বৰুৱা নামৰ এই কিশোৰী গৰাকীৰ পিতৃ বিশেষভাৱে সক্ষম ৷ মাতৃও আক্ৰান্ত কোনো জটিল ৰোগত ৷ পিতৃয়ে ঠেলা চলাই ঘৰ খন পোহ পাল দিছিল যদিও এক দুৰ্ঘটনাত পতিত হোৱাৰ পিচৰে পৰা ঘৰখন আৰ্থিকভাৱে জুৰুলা হৈ পৰে ৷ যাৰ ফলত ঘৰখনৰ সমস্ত দায়িত্ব সম্প্ৰতি আহি পৰিছে অল্পনাৰ কান্ধত ৷
![পৰিয়ালৰ দায়িত্ব বহনত ব্যস্ত এগৰাকী কিশোৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-drg-01-struggleofthelifeofteenager-10006_01062020124736_0106f_00904_744.jpg)
লগতে পঢ়কঃ চাৰিটা অস্ত্ৰোপচাৰ কৰিও সুস্থ নহ'ল পুত্ৰঃ ৰাইজৰ কৰযোৰে আহ্বান পিতৃৰ