ETV Bharat / state

Openbill Storks at Dalgaon : দলগাঁৱলৈ আহিছে নতুন আলহী - Arrival of migratory birds to Dalgaon

শামুকখোলাৰ বসতি স্থানলৈ পৰিণত দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ শিমলু, কৃষ্ণচূড়া গছবোৰ (A flock of Openbill Storks on trees at Dalgaon)। শ শ পৰিভ্ৰমী শামুকখোলাই বাহ সাজিছে গছবোৰত । পৰিভ্ৰমী শামুকখোলাৰ আগমনৰ লগে লগে অঞ্চলটোৰ শোভা বৃদ্ধি পাইছে ।

Openbill Storks at Dalgaon
দলগাঁৱলৈ আহিছে নতুন আলহী
author img

By

Published : Oct 25, 2022, 2:19 PM IST

দলগাঁও,২৫ অক্টোবৰ : শৰতৰ লগে লগে প্ৰকৃতিয়েও বিভিন্ন ধৰণে ৰূপ সলাইছে । ধৰাৰ বুকুত শীত নামিছে । পুৱা-গধুলি কুঁৱলীয়ে ধৰাত এক আৱৰণৰ সৃষ্টি কৰিছে । এনে এক মনোৰম পৰিৱেশৰ মাজতে দৰঙৰ দলগাঁৱলৈ আহিছে নতুন আলহী । শৰতৰ মাজতে নতুন আলহীৰো আগমন হোৱাত দলগাঁওবাসী যথেষ্ট আনন্দিত ।

আচলতে এই আলহী মানে আমি পৰিভ্ৰমী শামুকখোলাৰ কথা হে ক'ব বিচাৰিছো । পৰিভ্ৰমী শামুকখোলা চৰাইৰ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ শিমলু, কৃষ্ণচূড়া গছবোৰ (Openbill Storks arrival in Dalgaon)। পথৰ দাঁতিত থকা শিমলু, কৃষ্ণচূড়া আদি গছত বাহ সাজিছে পৰিভ্ৰমী শামুকখোলা চৰাইয়ে । শ শ শামুকখোলাই শোভাবৰ্ধন কৰিছে দলগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ । ইফালে বংশ বৃদ্ধিৰ বাবে অঞ্চলটোৰ বিভিন্ন স্থানৰ গছত বাহ সাজিছে চৰাইবোৰে ।

নিজ দলগাঁৱৰ প্ৰকৃতিপ্ৰেমী প্ৰয়াত লক্ষ্মী প্ৰসাদ দত্তৰ ঘৰৰ বাৰীত থকা ওখ ওখ শিমলু, কৃষ্ণচূড়া, বাঁহনি আৰু তামোল গছবোৰতো বাহ সাজিছে শামুকখোলাই । জানিব পৰা মতে এসময়ত প্ৰকৃতি প্ৰেমী লক্ষ্মী প্ৰসাদ দত্তই ৰক্ষণাৱেক্ষণ দি আহিছিল পৰিভ্ৰমী চৰাইবোৰক । যাৰ বাবে তেওঁ বাৰীত ৰোপণ কৰিছিল বিভিন্ন ধৰণৰ ওখ গছ আৰু সেই গছবোৰতে সুৰক্ষিতভাৱে আজি বাহ সাজিছে পৰিভ্ৰমী শামুকখোলাই (Arrival of migratory birds to Dalgaon)।

দলগাঁৱলৈ আহিছে নতুন আলহী

উল্লেখ্য যে দলগাঁও অঞ্চলতে কিছু দিন পূৰ্বে গছৰে ডাল ভাঙি মৃত্যু হৈছিল বহু চৰাইৰ । যাৰ বাবে উক্ত পৰিভ্ৰমী পক্ষীৰ ৰক্ষণাৱেক্ষণৰ বাবে বন বিভাগক আহ্বান জনাইছে দৰঙৰ প্ৰকৃতিপ্ৰেমীসকলে । দলগাৱঁৰ সচেতন শিক্ষক তথা প্ৰকৃতিপ্ৰেমী মোবাৰক আলীয়ে বিভিন্ন সংগঠন আৰু সংস্থাসমূহক পৰিভ্ৰমী পক্ষীবোৰৰ ৰক্ষণাৱেক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে প্ৰতিবছৰে অসমলৈ লাখ লাখ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে । যাৰ বাবে দেশৰ ভিতৰতে অসম জনাজাত । কিন্তু প্ৰকৃতিৰ অলংকাৰ স্বৰূপ এই পৰিভ্ৰমী পক্ষীবোৰকে একাংশ দুষ্টচক্ৰই নিধন কৰি আহিছে । যাক লৈ চিন্তিত ৰাজ্যখনৰ প্ৰকৃতিপ্ৰেমী আৰু সচেতন নাগৰিক ।

লগতে পঢ়ক :Storm at Kaliabor:কলিয়াবৰত দিপাৱলীৰ নিশা ধুমুহাৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.