দৰং,24 ডিচেম্বৰ : মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। সদৌ দৰং জিলা স্বাস্থ্য বিভাগৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত দৰং জিলাৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী তথা দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কেজুৱেল কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধিৰ দাবীত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰিছে ৷
স্বাস্থ্য বিভাগে নিযুক্তি দিয়া চতুৰ্থ বৰ্গৰ অস্থায়ী কেজুৱেল কৰ্মীসকলে বিগত বহু বছৰ ধৰি দিন-ৰাতি একাকাৰ কৰি একো একোটা পদবী হিচাপে দৰং জিলাৰ বিভিন্ন চৰকাৰী চিকিৎসালয়সমূহত কৰ্মৰত হৈ আহিছে ৷ এই কৰ্মীসকলে বিগত দিনবোৰত তেওঁলোকৰ কৰ্ম সংস্থাপনকে ধৰি বিভিন্ন দাবীৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নাই ৷
এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰৰ লগতে মাহিলী দৰমহা বৃদ্ধিৰ বাবেও কোনো সু-ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ ইয়াৰ ফলত বৃহস্পতিবাৰে এইসকল চতুৰ্থ বৰ্গৰ অস্থায়ী কেজুৱেল কৰ্মচাৰীয়ে জীৱনৰ নিৰাপত্তাহীনতাত ভুগি বিভাগটোৰ প্ৰতি ক্ষোভিত হৈ অৱশেষত অনিৰ্দিষ্টকালীন সৰ্বাত্মক কৰ্মবিৰতি পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক : ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে ফুটবল প্ৰতিযোগিতা