ETV Bharat / state

২০২১ ৰ বিধানসভা নিৰ্বাচন হ'ব অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰাম: পীযুষ হাজৰিকা - ইউপিপিএল

সাংবাদিকে মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বিষয়ে প্ৰশ্ন কৰাত বিজেপিত বৰ বেছি সংঘাত হোৱা নাই বুলি সদৰী কৰে ৷ একেদৰে কংগ্ৰেছতহে অফিচ ভঙা-ভঙি হৈছে বুলি পীযুষ হাজৰিকাই কয় । ইউপিপিএল-বিজেপিৰ মিত্ৰতাত কোনো বাধাৰ সৃষ্টি নোহোৱাৰ লগতে বিজেপি-ইউপিপিএলৰ প্ৰতিদ্বন্দ্বিতা বন্ধুত্বপূৰ্ণ হোৱাৰ দাবী মন্ত্ৰী গৰাকীৰ । মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থিত্বক লৈ কোনো চিন্তা-চৰ্চা হোৱা নাই বুলি কয় মন্ত্ৰী হাজৰিকাই ৷

২০২১ ৰ বিধান সভা নিৰ্বাচন হ'ব অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰামঃ পীয়ুষ হাজৰিকা

author img

By

Published : Mar 10, 2021, 6:39 PM IST

দৰং,10 মাৰ্চঃ ২০২১ ৰ বিধানসভা নিৰ্বাচন হ'ব অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰাম । কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ’লে গৃহ মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল । মিত্ৰজোঁট আৰু অস্তিত্ব নথকা কিছুমান দলে অসমীয়াক বিপদত পেলাব ৷ হঠাৎ এইদৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখত অস্তিত্ব ৰক্ষাৰ কথাৰে বৰদোৱা বেদখলৰ প্ৰসংগ উত্থাপন হোৱা দেখা যায় বুধবাৰৰ দিনটোত ।

ইপিনে সাংবাদিকে মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বিষয়ে প্ৰশ্ন কৰাত বিজেপিত বৰ বেছি সংঘাত হোৱা নাই বুলি সদৰী কৰে ৷ একেদৰে কংগ্ৰেছতহে অফিচ ভঙা-ভঙি হৈছে বুলি পীযুষ হাজৰিকাই কয় । ইউপিপিএল-বিজেপিৰ মিত্ৰতাত কোনো বাধাৰ সৃষ্টি নোহোৱাৰ লগতে বিজেপি-ইউপিপিএলৰ প্ৰতিদ্বন্দ্বিতা বন্ধুত্বপূৰ্ণ হোৱাৰ দাবী মন্ত্ৰী গৰাকীৰ । মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থিত্বক লৈ কোনো চিন্তা-চৰ্চা হোৱা নাই বুলি কয় মন্ত্ৰী হাজৰিকাই ৷ দলে যি সিদ্ধান্ত ল’ব তাকে মানি লোৱা হ’ব বুলি হাজৰিকাই স্বীকাৰ কৰে ৷

২০২১ ৰ বিধান সভা নিৰ্বাচন হ'ব অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰামঃ পীয়ুষ হাজৰিকা

আনহাতে, ৭০ নং মাজবাট সমষ্টি বিজেপিৰ দখললৈ নিবলৈ সকলো প্ৰকাৰৰ ৰণকৌশল প্ৰয়োগ কৰিছে বিজেপিয়ে । তদুপৰি ১ লাখ ৫৮ হাজাৰ ৰাইজৰ আশীষ বিচাৰিলে সাংসদ দিলীপ শইকীয়াই । ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত মাজবাট সমষ্টিক উন্নত আৰু বিকশিত হিচাপে গঢ় দিয়াৰ লক্ষ্য বিজেপিৰ । বিজেপিয়ে তুলাচনীত চেকি মাজবাটত জিতু কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । প্ৰাৰ্থিত্বকেন্দ্ৰিক কোনো ক্ষোভ নাই বিজেপিত । বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই সকলো শ্ৰেণীৰ ৰাইজক লগত লৈ বিকশিত মাজবাট গঢ়িব । ওৰাঙৰ ধনশ্ৰীঘাটত বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই ।

লগতে পঢ়কঃ বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.