ETV Bharat / state

দৰং জিলাত ক'ভিডত আক্ৰান্তৰ সংখ্যা ১৩২২ জনলৈ বৃদ্ধি - দৰং জিলা

দৰং জিলাত ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ মঙলবাৰৰ দিনটোত আৰক্ষী অধীক্ষকসহ ৩৪ জন আৰক্ষীৰ দেহত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি ৷

1322 persons Covid-19 positive At Darrang District
দৰং জিলাত ক'ভিডত আক্ৰান্তৰ সংখ্যা ১৩২২ জনলৈ বৃদ্ধি
author img

By

Published : May 5, 2021, 2:24 PM IST

দৰং, 5 মে' : সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ জিলাখনত মঙলবাৰৰ দিনটোতে ১৫১ গৰাকী লোক পুনৰ ক'ভিডত আক্ৰান্ত হৈছে ৷ বৰ্তমান জিলাখনত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩২২ জনলৈ বৃদ্ধি পাইছে । সম্প্ৰতি কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৮৪৫ গৰাকী লোক ৷

ইয়াৰ ভিতৰত ৭৫ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৭৬৮ গৰাকী লোক হোম কোৱাৰেন্টাইন হৈ আছে । চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত ৩৫ জন মঙলদৈ অসামৰিক চিকিৎসালয়ত আৰু ৩২ জন জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ইফালে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪ জন আৰু গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ৩ গৰাকী আৰু নাৰায়ণা চিকিৎসালয়ত এজন লোক চিকিৎসাধীন হৈ আছে বুলি জিলা স্বাস্থ্য বিভাগে সদৰী কৰিছে।

মঙলবাৰে জিলাখনত ক'ভিডৰ ৮৬৮ টা ৰেপিড এন্টিজেন টেষ্ট (RAT) সম্পন্ন কৰা হৈছে আৰু আৰ টি পি চি আৰ (RTPCR) পদ্ধতিৰে ২৫৬ গৰাকীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক- লাহৰীঘাটবাসীৰ কাষত নৱ নিৰ্বাচিত বিধায়ক ডাঃ আচিফ নাজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.