ETV Bharat / state

Woman mason of Assam: ৰাজমিস্ত্ৰীৰ ৰূপেৰে আন দহগৰাকীৰ বাবে আদৰ্শ হোৱা ভূটান সীমান্তৰ এগৰাকী মহিলা

author img

By

Published : Mar 8, 2023, 1:48 PM IST

Updated : Mar 9, 2023, 10:27 AM IST

নাৰী দিৱসৰ এই বিশেষ দিনটোত আপোনালোকলৈ লৈ আনিছো ৰাজমিস্ত্ৰীৰ কাম কৰি নিজৰ পৰিয়াল পোহপাল দিয়া জয়মতী ব্ৰহ্মৰ কাহিনী ৷ চিৰাং জিলাৰ ভূটান সীমান্তৰ এইগৰাকী মহিলা এতিয়া চৰ্চাৰ মাজেৰে হৈ পৰিছে বহুতৰ বাবে আদৰ্শস্বৰূপ ৷

woman mason
ভূটান সীমান্তৰ এগৰাকী মহিলা ৰাজমিস্ত্ৰী
ভূটান সীমান্তৰ এগৰাকী মহিলা ৰাজমিস্ত্ৰী

চিৰাং, 8 মাৰ্চ : পুৰুষৰ সমানে সমানে খোজ মিলাই আগুৱাই গৈছে আজিৰ নাৰী । আমি দেখি অহা সমাজখনত কামৰ ক্ষেত্ৰত লিংগভেদে যেন কিছু বিভক্ত আছিল ৷ কিন্তু বৰ্তমানৰ সময়ত বহু ক্ষেত্ৰত এই ভেদভাৱ প্ৰায় নাইকিয়া হৈ পৰিছে ৷ জীৱন জীয়াই থকাৰ নিমিত্তেই হওক বা পৰিয়াল পোহপাল দিয়াৰ বাবেই হওক আজিকালি পুৰুষ মহিলা উভয়েই সকলো ধৰণৰ জীৱিকা অৰ্জনৰ কামত ব্ৰতী হৈছে ৷ নাৰী দিৱসৰ বিশেষ দিনটোত আপোনালোকলৈ আগবঢ়াইছো এগৰাকী উদ্যমী মহিলাৰ কাহিনী যাৰ জীৱিকা অৰ্জনৰ বাট বহুতৰে বাবে এতিয়া হৈ পৰিছে আদৰ্শ (Role model for others) ৷

হয়, সৰ্বত্ৰে চৰ্চিত এইগৰাকী মহিলাৰ নাম হৈছে চিৰাং জিলাৰ জয়মতী ব্ৰহ্ম ৷ নিজৰ পৰিয়ালটো পোহপাল দিবৰ বাবে জয়মতী ব্ৰহ্মই উপাৰ্জনৰ বাবে বাছি ল’লে ৰাজমিস্ত্ৰীৰ কাম ৷ চিৰাং জিলাৰ ভূটান সীমান্তৰ দাদগিৰী-হাতীসাৰৰ ৩নং সোনাপুৰৰ বাসিন্দা জয়মতী ব্ৰহ্মই নিজৰ কামক লৈ নকৰে কোনো ধৰণৰ কুণ্ঠাবোধ ৷ ৰাজমিস্ত্ৰী হিচাপে নিজৰ কৰ্মত একাগ্ৰতাৰে জড়িত হৈ পৰা জয়মতীয়ে নাৰী তুমি অনন্যা এই আপ্তবাক্যশাৰীক সঁচা অৰ্থত প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে । নাৰী যে সঁচাকৈয়ে অনন্যা তাৰ আজি বাস্তৱ চিত্ৰ দেখুৱাইছে জয়মতীয়ে(Role model for others in form of a mason) ৷

woman mason
ভূটান সীমান্তৰ এগৰাকী মহিলা ৰাজমিস্ত্ৰী

চিৰাং জিলা সদৰৰ পৰা প্ৰায় ৫০ কি:মি: উত্তৰে ভূটান সীমান্তৰ দাদগিৰী হাতীসাৰৰ ৫২ বছৰীয়া জয়মতী ব্ৰহ্মই নিজৰ স্বামীৰ মৃত্যুৰ পিছত এই কামত নিয়োজিত হয় ৷ তেওঁৰ স্বামীয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ২০০২ চনত মৃত্যুক সাৱটি লয় ৷ তাৰ পিচতেই দুটি পুত্ৰ সন্তান আৰু বৃদ্ধ শাহুৱেকক লৈ উৱাদিহ নাপাই ৰাজ মিস্ত্ৰীৰ সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে । নিয়মিত দুবছৰ কাম কৰি তেনেদৰেই মিস্ত্ৰীৰ কাম শিকি উঠে জয়মতীয়ে ৷ সহায়ক হিচাপে থাকোতে ৰাজমিস্ত্ৰীক সামগ্ৰী যোগান ধৰাৰ লগে লগে মিস্ত্ৰীৰ সৈতেও নিজে কাম কৰিবলৈ লয় ।

woman mason
ভূটান সীমান্তৰ এগৰাকী মহিলা ৰাজমিস্ত্ৰী

২০০৩ চনৰ পিচৰ পৰাই নিজেই মিস্ত্ৰী হিচাবে কাম কৰিবলৈ আৰম্ভ কৰে । নিজে আনৰ ঘৰ বনোৱা কাম ঠিকাত ল’বলৈ আৰম্ভ কৰে । কেতিয়াবা ঠিকা নাপালে হাজিৰা হিচাবেই ৰাজমিস্ত্ৰীৰ কাম কৰে । প্ৰথম অৱস্থাত মহিলা হোৱা হেতুকে কাম পোৱাত অসুবিধা হৈছিল যদিও পিচলৈ তেওঁৰ সু-নিপুন কামৰ বিষয়ে মানুহ অৱগত হোৱাৰ পিচত মানুহে তেওঁক মাতি মাতি কাম দিবলৈ আৰম্ভ কৰে । জয়মতী ব্ৰহ্মই ইটিভি ভাৰত অসমক জানিবলৈ দিয়া মতে তেওঁ হাজিৰা কাম কৰিলে 600 টকা লাভ কৰে ৷ কেতিয়াবা তেওঁৰ সৈতে যোগনীয়া (সহায়ক) হিচাবে তেওঁৰ ডাঙৰ পুতেকেই থাকে । ডাঙৰ ল’ৰা প্ৰদীপ ব্ৰহ্মই আধাতে বিদ্যালয় শিক্ষা এৰি মাতৃৰ সহায়ত নামি পৰে ৷ আনহাতে দ্বিতীয় পুতেক মহেশ ব্ৰহ্মই বেংতল কলেজত বিবিএ পঢ়ি আছে বুলি জনাই মাতৃয়ে ।

দূৰণিবটীয়া ঠাইত কাম ল’লে পুতেকৰ সৈতেই অহা যোৱা কৰে জয়মতী ব্ৰহ্মই ৷ এই ৰাজমিস্ত্ৰীৰ কামেৰে আজিৰ তাৰিখত সৰুটো ল‘ৰাক পঢ়ুৱাইয়ো অনায়াসে পৰিয়ালটো চলাই নিবলৈ সক্ষম বুলিও জনায় জয়মতী ব্ৰহ্মই । মাজে সময়ে কাম নাপালে দাদগিৰী বজাৰত চাহৰ দোকান দিয়ে নতুবা গাঁৱৰ পৰা শাক-পাচলি সংগ্ৰহ কৰিও বিক্ৰী কৰি পৰিয়াল চলায় তেওঁ । দিনৰ দিনটো কাম কৰি আহি নিশা ঘৰত নিজেই ৰন্ধা বঢ়া কৰে এইগৰাকী উদ্যমী মহিলাই ৷ অৱশ্যে নিজৰ পুতেকৰ সহায় সদায় তেওঁৰ বাবে আছে বুলি গৌৰৱেৰে উল্লেখ কৰিলে ।

আজিলৈকে চৰকাৰীভাৱে কোনো সহায় লাভ কৰা নাই জয়মতী ব্ৰহ্মই । তেখেতে লগতে জনায় যে জনজাতীয় হোৱা স্বত্তেও নিজৰ জাতীয় পোচাক দখনাৰ পৰিৱৰ্তে আৰামদায়ক পোছাক পিন্ধিহে ৰাজমিস্ত্ৰী কাম কৰে তেওঁ । কাৰণ দখনা পিন্ধি ওপৰত উঠি কাম কৰাত অসুবিধা হয়, সেয়ে মেক্সি জাতীয় পোচাক পিন্ধি কাম কৰিব লগীয়া হয় । সম্প্ৰতি জয়মতী প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঠিকা লাভ কৰি ঘৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে আমটেকাৰ ৩ নং অক্সিগুৰি গাঁৱত । প্ৰতিটো ঘৰ নিৰ্মাণৰ বাবত ৩০ হেজাৰ টকাকৈ ঠিকা লাভ কৰে বুলি জনাই মহিলা ৰাজমিস্ত্ৰী জয়মতী ব্ৰহ্মই । তেওঁৰ পুতেকৰ পঢ়া-শুনাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কোনোবাই সহায় কৰিলে কৃতাৰ্থ হ’ব বুলিও ইটিভি ভাৰত অসমৰ আগত উল্লেখ কৰে জয়মতি ব্ৰহ্মই ।

woman mason
ভূটান সীমান্তৰ এগৰাকী মহিলা ৰাজমিস্ত্ৰী

এগৰাকী নাৰী হৈ প্ৰতিযোগিতাৰ এই যুগত ৰাজমিস্ত্ৰীৰ কাম কৰি নিজৰ লগতে নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে জয়মতী ব্ৰহ্ম । এয়া নিশ্চয়কৈ জিলাখনত অতিকে পিচপৰা অঞ্চলটোৰ বাবে সঁচাকৈ গৌৰৱৰ বিষয় তথা প্ৰতিগৰাকী নাৰীৰ বাবে আদৰ্শ । প্ৰতিগৰাকী নাৰীয়ে জীৱনটোক প্ৰত্যহ্বান হিচাবে লৈ আগুৱাই গ’লে প্ৰতিটো ক্ষেত্ৰতে যে সফলতা লাভ কৰিবলৈ সক্ষম হয় এয়া তাৰেই উদাহৰণ । জয়মতী ব্ৰহ্মই ৰাজমিস্ত্ৰীৰ কাম কৰাৰ সম্ভেদ লাভ কৰি চিদলী সমষ্টীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কেইদিনমান পূৰ্বে তেখেতক সম্বৰ্ধনাও জনাইছিল । তাৰোপৰি চিৰাং জিলাৰ খুংগ্ৰীঙত অনুষ্টিত হোৱা ইউপিপিএল দলৰ মহিলা শাখাৰ কেন্দ্ৰীয় নাৰী দিৱসৰ কাৰ্যসূচিত জয়মতি ব্ৰহ্মক বিশেষ ভাৱে সম্ভৰ্ধনা জনাব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : Holi at Batadrava Than: গুৰুজনাৰ আশীস বিচাৰি বটদ্ৰৱা থানত সৰ্বানন্দ সোণোৱাল

Last Updated : Mar 9, 2023, 10:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.