ETV Bharat / state

ইউ পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰত ‘সাংবাদিক কল্যাণ পৰিষদ গঠনৰ বিষয়’

বিটিচি নিৰ্বাচনৰ ইস্তাহাৰত বিটিআৰৰ সাংবাদিকৰ বাবে সাংবাদিক কল্যাণ পৰিষদ গঠনৰ বিষয় অন্তৰ্ভুক্ত ৷ সংবাদমেলত এই কথা প্ৰকাশ কৰিলে প্ৰমোদ বড়োৱে ৷

UPPL Press Meet at Chirang
ইউ পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰত সাংবাদিক কল্যাণ পৰিষদ গঠনৰ বিষয়
author img

By

Published : Sep 6, 2020, 10:34 PM IST

চিৰাং, 6 ছেপ্তেম্বৰ: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বাবে নিৰ্বাচনী ইস্তাহাৰত বহু আঁচনিৰ বিষয়ে উল্লেখ ইউ পি পি এলৰ । দেওবাৰে চিৰাঙৰ কাজলগাঁৱত আয়োজিত এক সংবাদমেলত প্ৰকাশ কৰে দলটোৰ সভাপতি প্ৰমোদ বড়োই । ইউ পি পি এল দলৰ বিটিচি পৰিষদীয় নিৰ্বাচনী ইস্তাহাৰত কি কি আছে ? সেয়া দেখিলে হয়তো আচৰিত হ’ব আপোনিও ।

আজিলৈ কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত সাংবাদিক সকলৰ বাবে বিতং প্ৰকাশ কৰাৰ হয়তো নজিৰ নাই । নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোতে তেওঁৰ বিভিন্ন কামত সহায় সহযোগিতা আগবঢ়োৱা সাংবাদিক সকলক ধন্যবাদ জনাই সংবাদমেল আৰম্ভ কৰা প্ৰমোদ বড়োই কয় যে, সাংবাদিক সকলৰ সৈতে দীৰ্ঘদিনৰ পৰাই ওতপ্ৰোত ভাৱে জড়িত থাকি সাংবাদিক সকলৰ সামান্য পাৰিশ্ৰমিকৰ বিষয়েও অৱগত বুলি জনায় । সেয়ে এইবাৰ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত বিটিআৰৰ সকলো সাংবাদিকক সাঙুৰি কিছু নতুন চিন্তা কৰা বুলি উল্লেখ কৰে ।

তেওঁ কয় যে, বিটিআৰৰ সকলো সাংবাদিকক সাঙুৰি গ্ৰুপ লাইফ ইন্সুৰেঞ্চ খুলিব য’ত সকলো সাংবাদিকৰ 1 কোটি টকাৰ জীৱন বীমা থাকিব । চৰকাৰে বছৰেকীয়া ভাৱে এই ধন আদায় কৰিব । বিটিআৰৰ সকলো সাংবাদিক সাঙুৰি সাংবাদিক কল্যাণ পৰিষদ গঠন কৰা হ’ব । বিটিআৰ চৰকাৰে প্ৰতি বছৰে দহ কোটিৰ বাজেট ধাৰ্য কৰিব । এই টকাৰ পৰা সাংবাদিকৰ পৰিয়ালৰ শিক্ষা, চিকিৎসা লগতে অন্যান্য মাহিলি খৰচ কৰিব পাৰিব সাংবাদিক সকলে ।

প্ৰতি বছৰে দহজন জেষ্ঠ সাংবাদিকক যিকোনো বিভাগৰ ওপৰত গৱেষণাৰ বাবে 50 হাজাৰ টকাৰ ফেলশ্বিপ দিয়া হ’ব বুলিও উল্লেখ কৰে । আনহাতে প্ৰতি বছৰে 10 জন সাংবাদিকক বিদেশ ভ্ৰমণ আৰু 40 জন সাংবাদিকক দেশৰ ভিতৰত ভ্ৰমণৰ সুযোগ প্ৰদান কৰিব বুলি মন্তব্য কৰে । বিটিআৰৰ সকলো প্ৰেচ ক্লাৱ বা কাৰ্যালয়ত ৱাইফাইৰ লগতে অত্যাধুনিক সা-সৰঞ্জামৰ সুবিধা কৰিবও বুলি উল্লেখ কৰে ।

ইউ পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰত সাংবাদিক কল্যাণ পৰিষদ গঠনৰ বিষয়

বিটিআৰৰ প্ৰতিখন জিলা সদৰ আৰু মহকুমা সদৰৰ সাংবাদিক সকলৰ বাবে 25 লেচাকৈ ভূমি আৱন্টন দিব চৰকাৰী নিয়ম অনুসৰি অন্যথা মিডিয়া কলনি বনাই দিব । ইয়াৰোপৰি বিটিআৰ অঞ্চলত এটা মিডিয়া প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে ।

লগতে চাওক-খাৰুপেটীয়াৰ যুৱকে উদ্ভাৱন কৰিলে বেটাৰী চালিত চাইকেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.