ETV Bharat / state

বিজনীত ইউপিপিএলৰ বৃহৎ বাইক ৰেলী

author img

By

Published : Dec 6, 2020, 9:40 PM IST

চিৰাং জিলাৰ বিজনীত ইউপিপিএল দলৰ দ্বাৰা এক বৃহৎ বাইক ৰেলী উলিওৱা হয় ৷ দলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থাকি বি পি এফক কঠোৰ ভাষাৰে সমালোচনা কৰে সভাপতি গৰাকীয়ে ৷ উপস্থিত থাকে দলটোৰ প্ৰায় 7 হাজাৰ সমৰ্থক ৷

uppl-massive-bike-rally-at-bijni
বিজনীত ইউপিপিএলৰ বৃহৎ বাইক ৰেলী

চিৰাং, 6 ডিচেম্বৰ : দেওবাৰে চিৰাং জিলাৰ বিজনীত ইউপিপিএল দলৰ এক বৃহৎ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়ো বাইক ৰেলীত উপস্থিত হৈ বিগত 17 বছৰে বি পি এফে দুৰ্নীতি কৰি অহা বুলি সমালোচনা কৰে ৷ লগতে, বিজেপিৰ সৈতে বিভিন্ন ক্ষেত্ৰত মনোমালিন্য থকাৰ পিচতো মিত্ৰতা ভংগ কৰি মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে কিয় পদত্যাগ কৰা নাই বুলিও প্ৰশ্নৰ উত্থাপন কৰে সভাপতি গৰাকীয়ে । যাৰ বাবে সমাগত বিটিচি নিৰ্বাচনত বিপিএফৰ দুৰ্নীতি-অনিয়মৰ পৰা পৰিত্ৰাণ বিচাৰি বিটিচিবাসীয়ে ইউ পি পিএল দলক আকোৱালী লৈছে বুলি মন্তব্য প্ৰদান কৰে ৷

বিজনীত ইউপিপিএলৰ বৃহৎ বাইক ৰেলী

লগতে পঢ়ক : চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

উল্লেখ্য যে, চিৰাঙৰ বিজনীত ইউ পি পি এলৰ প্ৰায় 7 হাজাৰ সমৰ্থকক লৈ বিশাল বাইক ৰেলী উলিওৱা হয় ৷ বাইক ৰেলীত বিজনী জিলা ইউ পি পি এলৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি 17 নং সুপাইঝাৰ সমষ্টি, 19 নং থুৰিবাড়ী সমষ্টি, 18 নং মানাস চেৰফাং হৈ বিজনী চহৰত উপস্থিত হয় ৷

ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থকা এই বাইক ৰেলীত 17 নং সুপাইঝাৰ সমষ্টিৰ ইউ পি পি এলৰ মনোনীত প্ৰাৰ্থী গুনেশ্বৰ গয়াৰী, 19 নং থুৰিবাড়ী সমষ্টিৰ প্ৰাৰ্থী আবু চায়দ আনছাৰী, চিৰাং জিলাৰ ইউ পি পি এলৰ সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মা , ইউ পি পি এলৰ বিজনী জিলা কমিটীৰ যুটীয়া সম্পাদক অৰবিন্দ মহানায়ক আৰু বিজনীৰ ইউ পি পি এলৰ বহু কৰ্মকৰ্তাই অংশ গ্ৰহন কৰে ।

লগতে পঢ়ক : মৰিগাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্ধোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.