ETV Bharat / state

ইউ পি পি এলত যোগদান ডেৰশৰো অধিক লোক - btc

বিগত লোকসভা নিৰ্বাচনত বিটিচিৰ মুঠ ৪০টা সমষ্টিৰ মাত্ৰ ৫ টাত জয়ী হৈছিল বিপিএফ দল,আৰু ইউপিপিএল দলে ১৫ টাত জয়ী হোৱাৰ বিপৰীতে অবড়ো সংগঠনে বহুকেইখন আসন লাভ কৰিছিল

ইউপিপিএলত যোগদান ডেৰশৰোধিক লোক
author img

By

Published : Sep 23, 2019, 7:02 AM IST

চিৰাং,22 চেপ্তেম্বৰঃ চিৰাঙত ডেৰশৰো অধিক লোকে যোগদান কৰে ইউ পি পি এল দলত ৷ দেওবাৰে বিভিন্ন দল-সংগঠনৰ যুৱকে ইউপিপিএল দলত যোগদান কৰে বুলি মন্তব্য কৰে ইউপিপিএলৰ উপ সভাপতি তথা বিটিচিৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ সদস্য ৰণগৌৰা নাৰ্জাৰীয়ে ৷

ইউপিপিএলত যোগদান ডেৰশৰোধিক লোক

বিগত 15 বছৰৰ বিটিচিৰ শাসনকালৰ মোহভংগ হৈ যুৱচাম ইউপিপিএল দলত যোগদান কৰে বুলি মন্তব্য ৰণগৌৰা নাৰ্জাৰীৰ ৷ আনহাতে,হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলৰ দল বিপিএফৰ লগত চামিল হ'ব লাগে বুলি কৰা মন্তব্যত ৰণগৌৰা নাৰ্জাৰীয়ে কয়,বিপিএফ আৰু ইউপিপিএলৰ একত্ৰীকৰণ নহয় ৷ বিগত লোকসভা নিৰ্বাচনত বিটিচিৰ মুঠ ৪০ টা সমষ্টিৰ মাত্ৰ ৫ টাত জয়ী হৈছিল বিপিএফ দল,আৰু ইউপিপিএল দলে ১৫ টাত জয়ী হোৱাৰ বিপৰিতে অবড়ো সংগঠনে বহুকেইখন আসন লাভ কৰিছিল ।

উল্লেখ্য যে, ইউপিপিএল দলৰ এই যোগদান অনুষ্ঠানত উপস্থিত থাকে ইউপিপিএল দলৰ সাধাৰণ সম্পাদক তথা বিটিচিৰ 13 চিৰাং সমষ্টিৰ পৰিষদীয় সদস্য মাউতি ব্ৰহ্ম হাজোৱাৰী,চিৰাং জিলাৰ সভাপতি তথা নিচিমা সমষ্টিৰ এম চি এল এ নিৰ্মল বসুমতাৰী,মহিলা কোষৰ সম্পাদিকা অহিলা লাহাৰী,অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সভাপতি নাৰায়ণ মজুমদাৰ,জিলা সংখ্যালঘু কোষৰ সভাপতি জহৰুদ্দিন মণ্ডলকে আদি কৰি কেইবাজনো কেন্দ্ৰীয় নেতৃবৃন্দ ৷

Intro:অনিশ্চয়তাত ইউ পি পি এল আৰু বিপিএফৰ মিত্ৰতা, চিৰাঙত দেৰ শতাধিকৰ ইউ পি পি এলত যোগদান ।

Body:ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে বিপিএফ আৰু ইউপিপিএলৰ মাজত একত্ৰিকৰনৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ যিদৰে কৈছে যে ইউপিপিএল দলে বিপিএফত চামিল হব লাগে । এইটোতো একত্ৰিকৰন নহয় বুলি কয় ইউপিপিএলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে । তেওঁ আৰু কয় যে একত্ৰিকৰন মানেই যে নিজৰ দল এৰি আন দলত সকলোৱে যাব লাগিব সেয়া নহয় । আমি কৈছো আসন ভাগকৰি মিলাই লোৱা(ছিট শ্বেয়াৰিং)। গণতান্ত্ৰিক দেশ এখনত বহু দলেই একেলগে মিলিজুলি নিৰ্ব্বাচন খেলে । বিটিচিতো বহু কেইটা দল আছে সেয়ে আমি আসন সমানে ভগাই লৈ আগন্তক দিনত বিটিচিত চৰকাৰ গঠন কৰিব বিচাৰিছিলো । কাৰন যোৱা লোকসভা নিৰ্ব্বাচনত বিটিচিৰ যি পৰিৱেশ আছিল বড়ো-অবড়োৰ ৰাজনীতি। অবড়ো সংগঠনৰ উত্থান হৈছিল । সেই লৈ বড়ো ৰাইজৰ মাজতো চিন্তা চলিছে । অবড়ো সকলে যদি অবড়োৰ ৰাজনীতি কৰে বড়ো সকলে কিয় বড়োৰ ৰাজনীতি কৰিব নোৱাৰিব । সেই বিষয় লৈ সকলো পৰ্য্যায়ত আলোচনা হৈছিল । যোৱা লোকসভা নিৰ্ব্বাচনত বিটিচিৰ মুঠ ৪০ টা সমষ্টীৰ মাত্ৰ ৫ টাত জয়ী হৈছিল বিপিএফ দলে আৰু ইউপিপিএল দলে ১৫ টাত জয়ী হোৱাৰ বিপৰিতে অবড়ো সংগঠনে বহুত বেছি আসনত জয়ী হৈছিল । তাৰ পিচতে বিপিএফ নেতৃত্বই ভাৱিছিল ইউপিপিএলৰ নেতৃত্বৰ সৈতে আলোচনা কৰি আগন্তক দিনত আকৌ তেওঁলোকে বিটিচিত চৰকাৰ গঠন কৰিব । ইউ পি পিএল দালক প্ৰস্থাৱ দিয়াত আমি গ্ৰহন কৰি আলোচনাত বহিছিলো । আৰু সেই মৰ্মে আলোচনা এটা পৰ্য্যায়লৈ গৈছিল কিন্ত চুড়ান্ত নহওতেই অনিশ্চয়তা আহিল । যিদৰে চন্দ্ৰযান ২ লৈ অনিশ্চয়তা দেখা দিছে, চন্দ্ৰত গৈ পালে নে নাই তাৰ বিষয়ে কোনেও নাজানে তেনেধৰনৰ আমাৰো হৈছে দুই দলৰ মিত্ৰতা কোন পৰ্য্যায়ত আছে কোনেও বিচাৰি পোৱা নাই বুলি কয় ৰণগৌৰা নাৰ্জাৰীয়ে । মুঠতে বিটিচিত আগন্তক দিনত ইঊ উপিপিএল দলে অকলে নিৰ্ব্বাচন খেলিবলৈ প্ৰস্থত হৈ আছো । যদি সম ভাৱাসম্পন্ন কোনো দলে আগবাঢ়ি আহে আমি আদৰনি জনাই একলগে নিৰ্ব্বাচন খেলিম বুলি স্পষ্ট কৰে নেতাজনে । তেওঁ কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ সাংসদ নৱ শৰনীয়াৰ বিটিএডি আৰ্মী সন্দৰ্ভত কয় যে গনতান্ত্ৰিক দেশত কোনোবাই দল গঠন কৰিব তাত আমাৰ ইউপিপিএলৰ কবলগীয়া একো নাই । যিহেতু লাচিত সেনা,অসম সেনা ইত্যাদি আছেই । কিন্ত এটাই কথা যে সন্মানীয় সাংসদ শৰনিয়ালৈ আমাৰ আহ্বান যে বিটিচিত সমাজ হিভাজন কৰি জাতীগত ৰাজনীতি যাতে নকৰে । এইটো আমি ইউপিপিএলৰ পৰা আহ্বান জনাইছো । যদিহে বিটিচিৰ ৩২ লাখ লোকৰ প্ৰতি দায়বদ্ধতা আছে তেন্তে আমি আদৰনি জনাম । যোৱা ১৫ বছৰ বিপিএফে ৰাজনীতি কৰি শাসন কৰিছে,বিভিন্ন জাতী জনগোষ্টীৰ মাজত বিশ্বাসৰ অভাৱ কৰিছে, দাদাগিৰিৰ ৰাজনীতি চলিছে । গতিকে আমি বিটিচিৰ অপশাসন আতৰাই ভাল শাসন প্ৰতিষ্টা কৰিব লাগিব,সকলো জাতী জনগোষ্টীৰ মাজত ভাতৃত্বৰ ভাৱ গঢ়ি তুলিব লাগিব । সুস্থ পৰিৱেশ সৃষ্টী কৰাৰ বাবে আমি ইউ পি পি এল দলৰ পৰা সকলো লোকক লৈ শান্তিৰ বিটিচি প্ৰতিষ্টাৰ বাবে কাম কৰিম বুলি কয় ৰণগৌৰা নাৰ্জাৰীয়ে ।

বাইট : ৰণগৌৰা নাৰ্জাৰীয়ে,ইউপিপিএল ৰ উপ সভাপতি তথা বিটিচিৰ কাজলগাঁও পৰিষদীয় সমষ্ঠীৰ সদস্য ।

Conclusion:আজি চিৰাং জিলাৰ বিভিন্ন গাঁওৰ পৰা দেৰশতাধিক লোকে ইউ পি পি এল দলত উপজাচি আহি যোগদান কৰিছে । নিৰ্দিষ্ট কোনো দলৰ পৰা আহি যোগদান কৰা বুলি আমি কব নিবিচাৰো । কাৰণ যুৱ চামে বুজি উঠিছে আজি । যোৱা ১৫ টা বছৰে বিটিচি বাসীক ঠগিলে বিপিএফ দলে । আমি নিশ্চিত যে বিটিচিত আমি ইউ পিপিএলেই চৰকাৰ গঠন কৰিম আৰু যুৱপ্ৰজন্মৰ লোক সকলক লগত লৈ তেওঁলোকৰ লগতে শান্তিপুৰ্ণ উন্নয়নৰ বিটিচি গঠন কৰাৰ সংকল্প লোৱাৰ কথাও সদৰি কৰে ইউ পি পি এলৰ নেতা ৰণগৌৰা নাৰ্জাৰীয়ে ।
আজি চিৰাং জিলাৰ ৰৌমাৰীত ইউ পি পি এল দলীয় সভাত দেৰ শতাধিক যুৱপ্ৰজন্মৰ লোকে যোগদান কৰে । এই যোগ দান অনুষ্টানত ইউপিপিএল ৰ উপ সভাপতি তথা বিটিচিৰ কাজলগাঁও পৰিষদীয় সমষ্ঠীৰ সদস্য ৰণগৌৰা নাৰ্জাৰী, ইউপিপিএল দলৰ সাধাৰন সম্পাদক তথা বিটিচিৰ ১৩ চিৰাং সমষ্ঠীৰ পৰিষদীয় সদস্য মাউতি ব্ৰহ্ম হাজোৱাৰী, চিৰাং জিলা সভাপতি তথা নিচিমা সমষ্টীৰ এম চি এল এ নিৰ্মল বসুমতাৰী অহিলা লাহাৰী মহিলা কোষৰ সম্পাদিকা , অনুসুচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সভাপতি নাৰায়ন মজুমদাৰ, জিলা সংখ্যালঘু কোষৰ সভাপতি জহৰুদ্দিন মণ্ডল কে আদি কৰি কেবাজনো কেন্দ্ৰীয় কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.