চিৰাং,16 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈছে নিৰ্বাচনী তৎপৰতা ৷ প্ৰায় প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিভিন্ন দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা-পালিনেতা ৷ ইয়াৰ মাজতে মঙলবাৰে ইউপিপিএল দলে ঘোষণা কৰিলে 8 জনীয়া প্ৰাৰ্থী তালিকা ৷ তালিকাত চিৰাং জিলাৰ 31 নং চিদলী বিধানসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইউপিপিএল দলৰ জয়ন্ত বসুমতাৰীৰ নাম ঘোষণা হোৱাৰ পিছতে বিপিএফৰ কৰ্মী সকলে সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশ ৷ আনন্দ-উল্লাসৰ মাজেৰে নেতা গৰাকীক চিৰাং জিলাৰ কাশীকোত্ৰাস্থিত ইউপিপিএলৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা চিৰাং ব্লক কাৰ্যালয়লৈ বিশাল শোভাযাত্ৰাৰে বিপুল আদৰণি জনাই সমৰ্থকসকলে ৷
উল্লেখ্য যে, চিদলী বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিৰুদ্ধে জয়ন্ত বসুমতাৰীক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ইউপিপিএলে ৷ ছাত্ৰ নেতাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰিয়ে প্ৰাৰ্থিত্ব লাভ কৰি উৎফুল্লিত হৈ পৰিছে জয়ন্ত বসুমতাৰী ৷ ৰাইজে তেওঁক সহায় কৰিব বুলি দাবী নেতা গৰাকীৰ ৷
লগতে পঢ়কঃ ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ