ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় - মন্ত্ৰী নিত্যানন্দ ৰায়

মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসম উপস্থিত হয় কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় ৷ চিৰাঙৰ কাজলগাঁও স্থিতএচএচবিৰ ১৫ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতবৰ্ষই অধিক শক্তি আহৰণ কৰিছে আৰু এক নতুনত্ব লাভ কৰিছে ৷

union minister of state for home affairs
দুদিনীয়া কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়
author img

By

Published : Nov 2, 2021, 8:28 PM IST

চিৰাং, 2 নৱেম্বৰ : ভাৰতবৰ্ষ এতিয়া আৰু আগৰ হৈ থকা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতবৰ্ষই অধিক শক্তি আহৰণ কৰিছে আৰু এক নতুনত্ব লাভ কৰিছে ৷ মোডীৰ নেতৃত্বত দেশৰ সেনাবাহিনী তথা নিৰাপত্তা বাহিনীৰ লোক সকলৰ মনোবল শক্তিশালী হৈ আছে বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

দুদিনীয়া কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী মন্ত্ৰীগৰাকীয়ে কয়, বৰ্তমান দেশৰ সীমা সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে । ভাৰতে সীমাৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বক লৈ কেতিয়াও আপোচ নকৰে ৷ সেয়েহে সীমা সুৰক্ষা বাহিনীক আৰু অধিক শক্তিশালি কৰি গঢ়ি তুলিবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ভাৰত-চীন সীমান্ত এলেকাত চীনা সেনাৰ আগ্ৰাসী মনোভাৱক কেন্দ্ৰ কৰি দুয়োদেশৰ মাজত চেপা উত্তেজনা চলি থকাৰ সময়তে মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসম উপস্থিত হয় কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় ৷ চিৰাঙৰ কাজলগাঁও স্থিত সশস্ত্ৰ সীমা বল চমুকৈ এচএচবিৰ ১৫ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এচএচবিৰ ১৫ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ চৌহদত জোৱান সকলৰ লগত মত বিনিময় কৰাৰ লগতে গছপুলি ৰোপন , নতুনকৈ নিৰ্মাণ কৰা বেৰেক, ষ্টাফ আবাস উদ্বোধন কৰে । দেশৰ গৃহ ৰাজ্যিক মন্ত্ৰী গৰাকীৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে দেশৰ যুটীয়া গৃহ সচিব সুদেশ কুমাৰ শ্বাহী ।

লগতে পঢ়ক: হাঁহি হাঁহি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে কংগ্ৰেছ আৰু অখিল শেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.