ETV Bharat / state

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

author img

By

Published : Jan 9, 2021, 10:58 PM IST

ধৃত দুই যুৱকৰ পৰা 4632 টা নিষিদ্ধ স্পাছমো প্ৰক্সিভন কেপছুল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

two-drugs-pedler-with-drugs-arrested-at-dadgiri-of-chirang
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই ব্যৱসায়ী

চিৰাং,9 জানুৱাৰী: গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ ব্যৱসায়ী ৷ অভিযানত সীমান্তৱৰ্তী দেউশ্ৰী অঞ্চলৰ পৰা ড্ৰাগছসহ দুই মটৰ চাইকেল আৰোহীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা দুজন ৰুনিখাতাৰ 3 নং সোনাপুৰৰ বাসিন্দা ৰবি ৰয়(26) আৰু সৌমখোৰ নাৰ্জাৰী (28) বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত দুই যুৱকৰ পৰা 4632 টা নিষিদ্ধ স্পাছমো প্ৰক্সিভন কেপছুল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

two-drugs-pedler-with-drugs-arrested-at-dadgiri-of-chirang
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত ড্ৰাগছ জব্দ

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, AS19 H-7653 নম্বৰৰ য়ামাহা মটৰ চাইকেলেৰে আহিছিল দুই ড্ৰাগছ ব্যৱসায়ী ৷ তেওঁলোকৰ পৰা নগদ দুহেজাৰ টকাসহ দুটা বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ য'ত নিষিদ্ধ ড্ৰাগছ জাতীয় ঔষধখিনি আনিছিল দুই সৰবৰাহকাৰীয়ে ৷ ৰুনিখাতা থানাত দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জনাইছে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

লগতে পঢ়কঃ উগ্ৰপন্থীৰ গুলীত প্ৰাণাহুতি দিয়া শ্বহীদ জোৱানৰ স্মৃতি উন্মোচন পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.