ETV Bharat / state

Assam Tourism : প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ চিৰাঙৰ কালামাটি

author img

By

Published : Dec 17, 2022, 9:31 PM IST

চালে চকু ৰোৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মেটমৰা ভঁৰাল চিৰাঙৰ কালামাটি (Eco Tourism at Kalamati) ৷ নিজৰাৰ কুলু কুলু ধ্বনি, সু-উচ্চ পাহাৰ মালা, বন্য জীৱৰ কলৰৱৰ মাজত অৱস্থিত অসম মুলুকৰে এইখনি পৰ্যটন ক্ষেত্ৰ ৷

Tourist place Kalamati of Chirang
প্ৰাকৃতিক সৌন্দৰ্যৰ মেটমৰা ভঁৰাল চিৰাঙৰ কালামাটি

বগা আৰু ৰঙীন মাটিৰ বহু শৃংগ থকা অসমৰ এখনি পৰ্যটন ক্ষেত্ৰ

চিৰাং, 17 ডিচেম্বৰ : সু-উচ্চ পাহাৰ মালাৰ মাজেৰে বৈ আহিছে কুলু কুলু সুৰেৰে এটি নিজৰা ৷ লগতে প্ৰকৃতিৰ অপৰূপ সৌন্ধৰ্যৰে পৰিপূৰ্ণ এক নিৰিবিলি অঞ্চল ৷ বিভিন্ন বন্য জীৱ-জন্তুৰে ভৰা এই অসম মুলুকৰে এখনি পৰ্যটন ক্ষেত্ৰ (Tourist place of Assam) ৷

আজি আমি আপোনালোকক লৈ যাম ভাৰত ভূটান সিমান্তত অৱস্থিত দৰ্শন আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ কৰিব পৰা এখনি পৰ্যটন ক্ষেত্ৰলৈ ৷ নাম যাৰ কালামাটি পৰ্যটন ক্ষেত্ৰ (Tourist place Kalamati of Chirang) ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন আমটেকা বনাঞ্চলৰ অধীনৰ এই কালামাটি ৷ এই পৰ্যটন ক্ষেত্ৰখনিৰ লেখত ল’বলগীয়া এক বিশেষ বৈশিষ্ট হৈছে (Eco Tourism at Kalamati) ৷

Tourist place Kalamati of Chirang
সু-উচ্চ পাহাৰ মালাৰ মাজত অৱস্থিত কালামাটি

ভাৰত-ভূটান সীমান্তত অৱস্থিত এটি সৰু পাহাৰ, যি কয়লা সদৃশ কলা মাটিৰে আৱৰি আছে আৰু নিশাৰ ভাগত এই মাটি ভক্ষণ কৰিবৰ বাবে অঞ্চলটোলৈ দৈনিক আহে প্ৰায় সংখ্যক বন্য জন্তু । সচৰাচৰ ইয়াত দেখা পোৱা বন্যজন্তুসমূহৰ ভিতৰত বাঘ, হৰিণা, নলগাহৰি, বনৰীয়া হাতী অন্যতম ৷

বনাঞ্চলখনত কেৱল ক’লা মাটিয়েই যে আছে এনে নহয়, ইয়াত আছে এক বিনন্দীয়া সৌন্ধৰ্যৰে ভৰপুৰ বগা মাটি আৰু ৰঙীন মাটিৰ বহু শৃংগ, য’ত পৰ্যটকসকলে এখনি ছেল্ফি উঠিবৰ বাবে কৰে হেতা ওপৰা ৷ অৱশ্যে মানুহৰ কোলাহলৰ বাবে এই বনাঞ্চলখনলৈ দিনৰ ভাগত বন্য জন্তুসমূহ নাহে যদিও কেতিয়াবা হঠাৎ দৃষ্টিগোচৰ হয় মানাহৰ এইসমূহ বন্য জন্তু ।

সেয়েহে বনভোজ অথবা দৰ্শনৰ বাবে অহা পৰ্যটকসকলৰ ক্ষেত্ৰত উচ্চ প্ৰাবল্যত গান বজোৱা, জুই জ্বলোৱা,গাড়ীৰ হৰ্ণ বজোৱা আদি ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি থৈছে বন বিভাগে ৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পাহাৰসমূহেৰে চাৰিওদিশ আৱৰা কালামাটিৰ প্ৰাকৃতিক সৌন্ধৰ্য বৰ্ধন কৰিছে সেই স্থানেৰে পাৰ হৈ যোৱা কানামাক্ৰা নামৰ নৈখনে ।

লগতে পঢ়ক : Assam tourism: শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি

ইয়াৰ লগতে ভূটানৰ সুউচ্চ পাহাৰ মালাৰ বিনন্দীয়া দৃশ্যই প্ৰতিপল হাত বাউলি মাতে সকলোকে ৷ শুকুৰবাৰে বিটিআৰৰ পৰ্যটন বিভাগৰ উদ্যোগত পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰৰ বন আৰু পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে ।

চিৰাং জিলাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰে ছাপাগুৰীৰ পৰা পোনে পোনে উত্তৰৰ আমগুৰি আৰু কয়লা-ময়লা হৈ 46 কি:মি: পথ সোমাই গ’লেই পোৱা যায় ভাৰত ভূটান সীমান্তত অৱস্থিত কালামাটি । অৱশ্যে কালামাটিৰ জৈৱ বৈচিত্ৰ ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চলখন পৰ্যটকৰ বাবে যিমান উন্নত কৰিব লাগিছিল সেই অনুপাতে কৰিব পৰা নাই ৷ এই কথা জনালে বিটিআৰৰ বন আৰু পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

Tourist place Kalamati of Chirang
নিজৰাৰ কুলু কুলু ধ্বনিৰ মাজত অৱস্থিত কালামাটি

পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন ক্ষেত্ৰখনক অধিক উন্নত কৰিবলগীয়া হ’লে ইয়াৰ বন্য জন্তুসমূহে অসুবিধাত পৰাৰ লগতে বনাঞ্চলখনৰ প্ৰাকৃতিক সৌন্ধৰ্যও বিনষ্ট হোৱাৰ সম্ভাৱনা অধিক । সেয়ে পৰ্যটন ক্ষেত্ৰখনৰ ভাৰসাম্য ৰক্ষা কৰি তাক যিধৰনে আছে সেই ধৰণেই ৰাখি কালামাটি পৰিভ্ৰমণলৈ অহা পৰ্যটকসকলৰ বাবে কয়লা-ময়লাত থকা-খোৱাৰ সুবিধাৰ লগতে বিশেষ অতিথিশালাৰ ব্যৱস্থা কৰিব বুলি জনালে কাৰ্যবাহী সদস্যগৰাকীয়ে ।

প্ৰতি বছৰৰ নৱেম্বৰৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিবলৈ আৰম্ভ কৰে কালামাটিলৈ । অৱশ্যে মানাহৰ অন্য প্ৰান্তৰ তুলনাত কালামাটিৰ প্ৰচাৰ কম হোৱাৰ হেতুকে পৰ্যটন ক্ষেত্ৰখনত পৰ্যটকৰ সমাগম তুলনামুলক ভাৱে কম দেখা যায় ।

লগতে পঢ়ক : Migratory Birds at Moribil: পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰিগাঁৱৰ মৰিবিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.