ETV Bharat / state

বিটিচিৰ বিভিন্ন পৰ্যটনস্থলী ভ্ৰমণ কৰিব 12 জনীয়া ব্লগাৰ দলে

author img

By

Published : Dec 31, 2019, 5:36 PM IST

বিটিচি পৰ্যটন বিভাগে বিটিচিৰ পৰ্যটনস্থলী সমূহ বিশ্ব দৰবাৰত জিলিকাবৰ বাবে 12 জনীয়া ব্লগাৰ দল এটাৰ সহায় লৈছে ৷ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই ফ্লেগ অফ কৰিছিল বিটিচিৰ পৰ্যটন বিভাগৰ দলটো ৷

Chirang
12 জনীয়া ব্লগাৰ দল

চিৰাং ,31 ডিচেম্বৰঃ বিটিচিৰ বিভিন্ন পৰ্যটনস্থলী ভ্ৰমণ কৰিব বিটিচি পৰ্যটন বিভাগৰ (বড়োলেণ্ড এম্বেছাদৰ) দল এটাই ৷ চিৰাঙৰ দৈজিং উৎসৱৰ এটা অংশ হিচাপে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই ফ্লেগ অফ কৰিছিল বিটিচিৰ পৰ্যটন বিভাগৰ দলটো ৷দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চিৰাঙত উপস্থিত হোৱা 12 জনীয়া ব্লগাৰ দলটোৱে দহ দিনীয়া কাৰ্যসূচীৰে বিটিচিৰ পৰ্যটনস্থলী সমূহ ভ্ৰমণ কৰিব। বিটিচি পৰ্যটন বিভাগে বিটিচিৰ পৰ্যটনস্থলী সমূহ বিশ্ব দৰবাৰত জিলিকাবৰ বাবে এই কাৰ্যসূচী হাতত লৈছে। পৰ্যটন বিভাগে এই ব্লগাৰ দলটোৰ জৰিয়তে বিটিচিৰ বিভিন্ন অঞ্চল আৰু বিশেষকৈ বড়ো সকলৰ পৰম্পৰাগত কলা কৃষ্টি,সংস্কৃতি,খাদ্যাভ্যাস বিষয়ে পোহৰাই তোলাৰ প্ৰয়াস কৰিছে। যাতে ব্লগাৰ সকলে কাহানিও পোহৰলৈ নহা বিটিচিৰ পৰ্যটনস্থল সমূহ ভ্ৰমণ কৰি আহি বিশ্ব দৰবাৰত জিলিকাই দিব পাৰে ৷

বিটিচি
দৈজিং উৎসৱ

উল্লেখ্য যে বিটিচি পৰ্যটন বিভাগৰ প্ৰতিনিধি দলটোৰ প্ৰতিনিধি সকলে চিৰাঙৰ দৈজিং উৎসৱৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন কালামাটী ভ্ৰমণ কৰি উৎফুল্লিত হৈ পৰে। ভূটানৰ পাদ দেশ এই কালামাটী ভ্ৰমণ আৰু তাৰ নাটি কাষৰীয়া বড়ো গাঁও ভ্ৰমণৰ লগতে ভূটানৰ গেলেফু চহৰো ভ্ৰমণ কৰে দলটোৱে। দলটোৱে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোচাকৰ লগতে খাদ্যৰ জুতিও গ্ৰহণ কৰে। ইপিনে পৰ্যটন বিভাগৰ এই দলটো আৰু বিটিচি পৰ্যটনৰ প্ৰতিনিধি সকলক লৈ ভ্ৰমণৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা বেচৰকাৰী সংস্থা 'ৰুটব্ৰিজ ফাউণ্ডেচন'ৰ ভূমিকাও গুৰুত্বপূৰ্ণ। এই বেচৰকাৰী সংস্থাটোৱে দীৰ্ঘদিনৰ পৰাই বিটিচি পৰ্যটনৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। বিটিচি পৰ্যটনৰ প্ৰতিনিধি দলটোক প্ৰতিনিধিত্ব কৰা বিখ্যাত ব্লগাৰ কেৰেলাৰ জাবেধ আখতাৰৰ নেতৃত্বত বেংগালোৰো,মুম্বাই,কেৰালা আদি ৰাজ্যৰ কেবাজনো ডেকা-গাভৰু ব্লগাৰে দলটোৰ সৈতে বিটিচিৰ পৰ্যটনৰ হৈ কাম কৰি আছে ।

বিটিচিৰ বিভিন্ন পৰ্যটনস্থলী ভ্ৰমন কৰিব 12 জনীয়া ব্লগাৰ দলে

লগতে পঢ়ক - প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড

Intro:চিৰাঙৰ দৈজিং উৎসৱত এটা অংশ হিচাবে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই ফ্লেগ অফ কৰা বিটিচি পৰ্যটন বিভাগৰ( " বড়োলেণ্ড এম্বেছাদৰ") দল এটাই বিটিচিৰ বিভিন্ন পৰ্যটন স্থলি ভ্ৰমন কৰিব । দেশৰ বিভিন্নপ্ৰান্তৰ পৰা আহি উপস্থিত হোৱা ১২ জনীয়া ব্লগাৰ দলটো দহ দিনীয়া কাৰ্যসুচিৰে বিটিচিৰ পৰ্যটন স্থলি সমুহ ভ্ৰমন কৰিব। বিটিচি পৰ্য্যটনৰ এই উদ্যোগ কেৱল মাত্ৰ বিটিচিৰ পৰ্য্যটন বিভাগটো বিশ্ব দৰবাৰত জিলিকোৱা । সেয়ে ব্লগাৰ সকলে যাতে কাহানিও পোহৰলৈ নহা বিটিচিৰ পৰ্যটন স্থল সমুহ ভ্ৰমন কৰি আহি বিশ্ব দৰবাৰত জিলিকাই দিব পাৰে । বিটিচিৰ বিভিন্ন অঞ্চলৰ বিশেষকৈ বড়ো সকলৰ পৰম্পৰাগত কলা-কৃষ্টী,সাংস্কৃতি,খাদ্যাভ্যাস আহি পৰ্যটন বিভাগৰ জড়িয়তে পোহৰাই তোলাৰ প্ৰয়াস কৰিছে । বিটিচি পৰ্যটন বিভাগৰ প্ৰতিনিধি দলটোৰ প্ৰতিনিধি সকলে চিৰাঙৰ দৈজিং উৎসৱৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন কালামাটী ভ্ৰমন কৰি উৎফুল্লিত হৈ পৰে । ভূটানৰ পাদ দেশ এই কালামাটী ভ্ৰমনৰ লগতে তাৰ নাচি কাষৰীয়া বড়ো গাঁও ভ্ৰমনৰ লগতে ভূটানৰ গেলেফু চহৰো ভ্ৰমন কৰে দলটোৱে । দলটোৱে বড়ো জনগোষ্টীৰ পৰম্পৰাগত সাজ পোচাকৰ লগতে খাদ্যৰ জুতিও গ্ৰহন কৰে । পৰ্যটন বিভাগৰ এই দলটোক বিটিচি পৰ্যটনৰ প্ৰতিনিধি সকলক লৈ ভ্ৰমনৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা বেচৰকাৰী সংস্থা ৰুটব্ৰিজ ফাউণ্ডেচন ৰ ভূমিকাও গুৰুত্বপুৰ্ণ । যিটো বেচৰকাৰী সংস্থাই দীৰ্ঘ দিনৰ পৰাই বিটিচি পৰ্যটনৰ উন্নয়নৰ বাবে কাম কৰি আছিল । বিটিচি পৰ্য্যটনৰ প্ৰতিনিধি দলটোক প্ৰতিনিধিত্ব কৰা বিখ্যাত ব্লগাৰ কেৰেলাৰ জাবেধ আখতাৰৰ নেতৃত্বত বেঙ্গালোৰ,মুম্বাই,কেৰেলা আদি ৰাজ্যৰ কেবাজনো ডেকা-গাভৰু ব্লগাৰে দলটোৰ সৈতে বিটিচিৰ পৰ্যটনৰ হৈ কাম কৰি আছে ।

বাইট : কেবাজনো ব্লগাৰৰ বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বিটিচি পৰ্যটন প্ৰতিনিধি দল।

Conclusion:বিটিচি পৰ্যটন প্ৰতিনিধি দল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.