ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 20, 2022, 5:02 PM IST

Updated : Feb 20, 2022, 8:05 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

তৃতীয় বিশ্ব যুদ্ধৰ উক-মুকনি : ইউৰোপত সৰ্ববৃহৎ যুদ্ধখনৰ পৰিকল্পনা কৰিছে নেকি ৰাছিয়াই ?

ইউনাইটেড কিংদমৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে দাবী কৰিছে যে, ইউৰোপত সৰ্ববৃহৎ যুদ্ধখনৰ পৰিকল্পনা কৰিছে ৰাছিয়াই (Russia plans biggest war in Europe since 1945) ৷ ইয়াৰ ফলাফল হিচাপে ইউনাইটেড কিংদম আৰু আমেৰিকা যুক্তৰাজ্যই ৰাছিয়াৰ কোম্পানীবোৰক পাউণ্ড আৰু ডলাৰত ব্যৱসায় কৰা বন্ধ কৰিব পাৰে বুলিও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৷

ৰাজ্যসভা নিৰ্বাচন 2022: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

এইবাৰ চৰ্চাত ৰাজ্যসভাৰ নিৰ্বাচন (Rajya sabha election in Assam) ৷ ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ’ব, সেয়াহে এতিয়া ৰাজ্যিক বিজেপিৰ ভিতৰে বাহিৰে চলিছে চৰ্চা । দলৰ ভিতৰুৱা এক খবৰ মতে, ৰাজসভাত খালী হ’বলগীয়া দুখন আসনৰ এখন মিত্ৰদল ইউ পি পি এলক এৰি দি আনখনত বিজেপিয়ে নিজা প্ৰাৰ্থী আগবঢ়াব ৷

অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট লীগত মেছ ফিক্সিঙৰ অভিযোগ

অসম ক্ৰিকেট সংস্থাৰ ক্ৰিকেট লীগত মেচ ফিক্সিং হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ শিলচৰ ক্ৰীড়া সন্থাই এই সম্পৰ্কত অসম ক্ৰিকেট সন্থাৰ ওচৰত দাখিল কৰিছে লিখিত অভিযোগ৷ ইয়াৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই(Assam Cricket Association Secretary Devajit Saikia) ৷

লখিমপুৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শনিবাৰে উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে জিলা কংগ্ৰেছে(Case register against Assam CM) । উত্তৰাখণ্ডৰ জনসভাত ৰাহুল গান্ধী আৰু মাতৃক লৈ কৰা মন্তব্যৰ বিৰোধীতাত এই এজাহাৰ দাখিল কৰে জিলা কংগ্ৰেছে(Assam CM Comment over Rahul Gandhi ) ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনৰ শীৰ্ষ গীত মুকলি

অধিৱেশনখনিৰ তাৎপৰ্য আৰু ডিব্ৰুগড় জিলাৰ ঐতিহ্য, সংস্কৃতি ইত্যাদিক সাঙুৰি প্ৰস্তুত কৰা হৈছে এই শীৰ্ষ গীতটি ৷ গীতটিৰ কথা হিতেশ শইকীয়াৰ, সুৰ নিগৰাইছে বিশিষ্ট সংগীত শিল্পী বিপিন চাওদাং, অমল গগৈ আৰু হিতেশ শইকীয়াই ৷ গীতটিত কণ্ঠদান কৰিছে বিপিন চাওদাং আৰু কল্পনা মৰাণে ৷ (Srimanta Sankardev Sangha's Naharkatia conference) ।

গুৱাহাটীৰ বশিষ্ঠত প্ৰেমিকে গুলীচালনা কৰি আহত কৰিলে প্ৰেমিকাৰ ককায়েকক

বশিষ্ঠত এজন লোকক গুলীয়াই হত্যাৰ চেষ্টা বহি:ৰাজ্যৰ যুৱকৰ (Attempt to murder case in Basistha)। বঙালীপাৰাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পশ্চিমবংগৰ যুৱক সমৰ ৰয়ৰ । প্ৰেমৰ এই সম্পৰ্কৰ মাজত বাধা আছিল প্ৰেমিকাৰ সম্পৰ্কীয় ককায়েক । যাৰ বাবে পশ্চিমবংগৰ পৰা আহি প্ৰেমিক সমৰ ৰয় প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ ককায়েক প্ৰেম কুমাৰ দেৱনাথক লক্ষ্য কৰি গুলীচালনা কৰি ঘৰটোতে আত্মগোপন কৰে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘাতক সমৰ ৰয়ক গ্ৰেপ্তাৰ কৰে ।

মাজুলীত কংগ্ৰেছ দলৰ কৰ্মীৰ বিজেপিত যোগদান

উপ নিৰ্বাচনৰ প্ৰাকক্ষণত(Majuli By Election 2022)মাজুলীত কংগ্ৰেছত ব্যাপক খহনীয়া । প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা প্ৰাক্তন কংগ্ৰেছী নেতা বলিৰাম নৰহৰ নেতৃত্বত শনিবাৰে জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত(Congress party workers join BJP in Majuli) ।

ভাৰতৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা আয়োজন ভোটাৰ সজাগতা প্ৰতিযোগিতা

ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা আয়োজন ‘মোৰ ভোটেই মোৰ ভৱিষ্যত – এটা ভোটৰ শক্তি’ শীৰ্ষক এখন এলানি প্ৰতিযোগিতা(Voters awareness contest of Election Commission of India) ৷

বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা- বিজেপি জনজাতি মৰ্চাক প্ৰত্যুত্তৰ এপিএইছএলচিৰ

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰ্বি আংলঙত তুংগত উঠিছে বিজেপি আৰু এপিএইছএলচিৰ সংঘাত ৷ ২১ ফেব্ৰুৱাৰীত জিলাখনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বিজেপি জনজাতি মৰ্চাই(Implementation of BJP ST Morcha Dharna Programme) ৷

UP third phase polls : ৯ বজালৈ ৮.১৯ শতাংশ ভোটদান

দেওবাৰে পুৱাৰে পৰা চলিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (UP third phase polls)। ১৬ খন জিলাৰ ৫৯ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰায় ২.১৬ কোটি ভোটাৰে ভৱিষ্যৎ নিৰ্ণয় কৰিব ৬২৭ গৰাকী প্ৰাৰ্থীৰ ।

Last Updated : Feb 20, 2022, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.