ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - top 10 at 3pm

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Nov 6, 2021, 3:12 PM IST

দীপাৱলীৰ পাছত প্ৰদূষিত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল

আতচবাজীৰ অভাৱনীয় ব্যৱহাৰৰ ফলত মহানগৰীৰ বায়ুমণ্ডলৰ মান সূচাংক মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰিছে । শুকুৰবাৰে গুৱাহাটীত বায়ুমণ্ডলৰ মান সূচাংক ২৪০ লৈ বৃদ্ধি পায় । এই মান দুগুণলৈ বৃদ্ধি পােৱাত গুৱাহাটীৰ এয়াৰ কোৱালিটি ইনডেক্স মজলীয়াৰ পৰা নিম্নমানলৈ গতি কৰে । ৰাজ্যজুৰি প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা উলংঘা ।

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ গাজিয়াবাদ : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে(চিপিচিবি) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ হ'ল গাজিয়াবাদ । গাজিয়াবাদক 'ডাৰ্ক ৰেড জ'ন'ত নথিভুক্ত কৰা হৈছে । বৰ্তমান গাজিয়াবাদৰ বায়ুৰ মান সূচক (AQI) হৈছে 486 ৷

মাজুলীৰ লগতে আৰু কোন কোন সমষ্টিত হ’ব পাৰে উপ নিৰ্বাচন ?

আগন্তুক সময়ত মাজুলীৰ লগতে ৰাজ্যৰ আন তিনিটা সমষ্টিত অনুষ্ঠিত হ’ব পাৰে উপ নিৰ্বাচন ৷ ইতিমধ্যে শেহতীয়া উপ নিৰ্বাচনত পাঁচ সমষ্টি বিজেপি-মিত্ৰদলে নিজৰ দখললৈ নিয়াৰ পিছতে আন তিনিটা সমষ্টিক লৈ সমীকৰণ আৰম্ভ কৰা বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ৷

ছত্তিশগড়ত জিলা ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু মাওবাদীৰ মাজত সংঘৰ্ষ

ছত্তিশগড়ত আৰক্ষীৰ গুলিত মাওবাদী নিহত ৷ ঘটনাস্থলীত উদ্ধাৰ পিষ্টল আৰু 5 কিল’গ্ৰাম ওজনৰ আই ই ডি তাঁৰ ৷

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

লাহে লাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীৰ বায়ু প্ৰদূষণে । দীপাৱলীৰ পাছতে ধোঁৱা-কুঁৱলীয়ে আৱৰি ধৰিছে সমগ্ৰ দিল্লী চহৰ । ৰাজধানী চহৰৰ এনে পৰিৱেশক লৈ চিন্তিত হৈ পৰিছে শ্বাহিদৰ পত্নী মীৰা ৰাজপুত ।

দেৱালীৰ আনন্দৰ মাজতে নিমিষতে জ্বলি চাই হ’ল সপোনৰ ঘৰখন

দীপাৱলীৰ মাজতে চাবুৱাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ৷ নিমিষতে জুইৰ লেলিহান শিখাত জ্বলি ছাই হৈ গ’ল এটা পৰিয়ালৰ বাসগৃহ ৷ চাবুৱাৰ বামুণচুমনী গাঁৱৰ মনজ্যোতি চেতিয়া নামৰ শিক্ষকগৰাকীৰ ঘৰত শুকুৰবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷ অগ্নিকাণ্ডটোৰ ফলত পৰিয়ালটোৰ সকলো সা-সম্পত্তিৰ লগতে মূল্যবান নথি-পত্ৰ জুইত জাহ যায় ৷

জোনাইত উদযাপন গোৰ্খা জনগোষ্ঠীৰ তিহাৰ উৎসৱ

জোনাইত উদযাপন নেপালী ভাষিক লোকসকলৰ কৃষিভিত্তিক তিহাৰ উৎসৱ ৷ ৰং-ধেমালি কৰি আনন্দত মতলীয়া হৈছে জোনাইৰ নেপালী ভাষী লোকসকল ৷

চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড

চিৰাঙৰ ৰুণিখাটা বজাৰত শুকুৰবাৰে মাজনিশা সংঘটিত হয় অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সম্পত্তি নষ্ট হয় ৷

মহাকাশত সফলতাৰে ৩ টাকৈ ৰিম'ট চেঞ্চিং উপগ্ৰহ উৎক্ষেপণ চীনৰ

চীনে শনিবাৰে দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশৰ জিচাং উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে ৰিম'ট চেঞ্চিং উপগ্ৰহকেইটা । উপগ্ৰহ কেইটা লং মাৰ্চ-২ডি কেৰিয়াৰ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয় ।

নিউজিলেণ্ডত নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত 207 গৰাকী

নিউজিলেণ্ডত নতুনকৈ পোহৰলৈ আহিছে 207 টা ক’ভিড 19 ৰ ঘটনা ৷ নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰিছে এই কথা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.