ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 11, 2022, 1:05 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-1-pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত সোমবাৰে অনুষ্ঠিত হ’ব ভাৰ্চুৱেল বৈঠক(PM Modi to hold virtual interaction with US President) ৷ মোডী-বাইডেনে ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ প্ৰায় শেষৰ পৰ্যায়, জলবায়ু সংকটৰ সৈতে মোকাবিলা, বিশ্ব অৰ্থনীতি শক্তিশালী কৰা, ভাৰত-প্ৰশান্ত মহাসাগৰত নিৰাপত্তা, গণতন্ত্ৰ আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে এক মুক্ত, সুনিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বৰ্তাই ৰখাৰ সন্দৰ্ভত আলোচনা কৰিব বুলি দেওবাৰে সদৰি কৰিছে হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে ৷

ত্ৰিপুৰাৰ গ্ৰামাঞ্চলত 15 সহস্ৰাধিক সৌৰ শক্তি চালিত বিদ্যুতৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে : জিষ্ণু দেৱবাৰ্মা

ত্ৰিপুৰা চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ ৷ ৰাজ্যখনৰ 58 টা গ্ৰাম্য উন্নয়ন খণ্ডৰ অধীনৰ বজাৰ এলেকাত সৌৰ শক্তি চালিত বৈদ্যুতিক খুঁটা স্থাপন কৰাৰ সিদ্ধান্ত(Tripura Govt to install more than 15k solar lights) লৈছে চৰকাৰে ৷ ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই ঘোষণা কৰে এই কথা ৷

বৰপেটাত চোৰৰ লক্ষ্য ৰয়েল এনফিল্ড বুলেট : দুটা চোৰ আটক

বৰপেটাত দুদিনত দুখনকৈ এনফিল্ড বুলেট লৈ উধাও চোৰ ৷ অবশেষত বৰপেটা আৰক্ষীৰ জালত পৰিল দুই মটৰ চাইকেল চোৰ ৷ চোৰ দুটাৰ কবলৰ পৰা উদ্ধাৰ দুখনকৈ চুৰি হোৱা এনফিল্ড বুলেট(Barpeta Police arrested two thieves with bikes) ৷

শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত পৰিল হাতুৰীৰ কোব

শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে । যাৰ বাবে বিভিন্ন সময়ত ভক্তপ্ৰাণ ৰাইজে দৌললৈ উৎসৰ্গা কৰা শিৱ লিংগ, ত্ৰিশূল, ফনা, বৃষভ ইত্যাদি উভালি বাহিৰ কৰি দিয়া হৈছে দৌলৰ গৰ্ভগৃহৰ পৰা । আহোম ৰজাই প্ৰতিষ্ঠা কৰি থৈ যোৱা কেৱল মাত্ৰ কুণ্ডভাগহে ৰখা হ'ব দৌলৰ ভিতৰত (Renovation of Sivasagar Sivadol)।

গোহালিৰ গো-ধনলৈ তৰা পঘা বটাত ব্যস্ত খোৱাং দলনিকোৰৰ ৰাইজ

দুৱাৰ দলিত হেঁপাৰ ৰঙালী (Rangali bihu in Assam) ৷ ব্যস্ততা বাঢ়িছে চহা কৃষকৰ ৷ পৰম্পৰা ৰক্ষাৰ বাবে আপোন গৰু হালৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৰাপাট আৰু তৰাৰ পঘা নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁৱৰ একাংশ কৃষক (Farmers are busy making pagaha for rangali bihu) ৷

আজি কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হ’ব জ্ঞানপীঠ বঁটা

অসমীয়া সাহিত্য় জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কাব্যঋষি নীলমণি ফুকন(Nilamoni Phukan selected for Jnanpith award 2022) লৈ আগবঢ়োৱা হৈছে জ্ঞানপীঠ বঁটা । প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত কৰা হ'ব জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠান । গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হ'ব এই বঁটা(Jnanpith Award ceremony to be held at Rabindra Bhawan Guwahati) ।

Shiv Subrahmanyam passes away : প্ৰবীণ অভিনেতা শিৱ সুব্ৰমনিয়ামৰ দেহাৱসান

টু ষ্টেটছ নামৰ হিন্দী ছবিখনত আলিয়া ভাটৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতাৰ লগতে চিত্ৰনাট্য লিখক শিৱ সুব্ৰমনিয়াম আৰু নাই (Actor Shiv Subrahmanyam passes away) ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই সুব্ৰমনিয়ামৰ মৃত্যুৰ কাৰণ ৷

প্ৰথমে কা’ এতিয়া আকৌ হিন্দী ভাষা জাপি দিছে চৰকাৰে : ৰকিবুল হুছেইন

হোজাইত আয়োজন কৰা কংগ্ৰেছ দলৰ এক দলীয় সভাত উপস্থিত থাকে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ এই সভাত অংশগ্ৰহণ কৰি অসমত দশম শ্ৰেণীলৈকে হিন্দী ভাষাটোক বাধ্যতামূলক (Hindi being compulsory subject) কৰা সন্দৰ্ভটো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ।

বেংকৰ টকা চুৰি কৰি ধৰা পৰা চোৰে ক’লে 'No Comment'

বন্ধন বেংকৰ পৰা তিনি লক্ষাধিক টকা চুৰি কৰি গ্ৰেপ্তাৰ হ’ল চোৰ (One arrested after looting bank in Golaghat) ৷ গ্ৰেপ্তাৰৰ পিছত চোৰে ক’লে 'No Comment' ৷

ট্ৰাক ৱেগনাৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত 5

দেওবাৰে বিয়লি বকলীয়াঘাটত এক পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Bakaliaghat) ৷ দুৰ্ঘটনাটোৰ ফলত পাঁচজন লোক গুৰুতৰভাৱে আহত হয় ৷ এখন ট্ৰাক আৰু মাৰুটি ৱেগ’নআৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.