চিৰাং, 7 ফেব্ৰুৱাৰী : চিৰাং জিলাৰ শান্তিপুৰত দেওবাৰে বিশিষ্ট ভাষা সেনানী তথা জ্যেষ্ঠ সাহিত্যিক বুদ্ধিমান প্ৰধান (বমপ) ৰ অভিনন্দন তথা পত্ৰিকা উন্মোচন সমাৰোহ অনুষ্ঠিত হয় । স্থানীয় নিজলাগুৰি-শান্তিপুৰ সমাজৰ উদ্যোগত এই সমাৰোহ অনুষ্ঠিত কৰা হয় ৷
আকাশবাণীৰ প্ৰাক্তন ঘোষক ডম্বৰমণি প্ৰধানে সঞ্চালন কৰা উক্ত সমাৰোহত অসম নেপালী সাহিত্য সভা, অসম গোৰ্খা সম্মিলনী, অখিল অসম গোৰ্খা ছাত্ৰ সন্থা, বিটিআৰ গোৰ্খা সমাজ , অসম ৰাজ্যিক নেৱাৰ সংগঠন লগতে বিভিন্ন দল-সংগঠনৰ লোক সকল উপস্থিত থাকে ৷ উপস্থিত সকলো লোকে ভাষা সেনানী গৰাকীক ঢাকাটুপি, খদা, ফুলাম গামোছা, মানপত্ৰ আদিৰে উষ্ম সম্বৰ্ধনা জনোৱা হয় ।
সমাৰোহত মণিতাৰা প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা "জমৰ্কো" নামক সাময়িক পত্ৰিকাখন সমাৰোহৰ মুখ্য অতিথি বুদ্ধিমান প্ৰধানে উন্মোচন কৰে । সমাৰোহত উপস্থিত অসম নেপালী সাহিত্য সভাৰ উপ-সভাপতি অধ্যাপক ভৱানী প্ৰসাদ শৰ্মা, অসম নেপালী সাহিত্য সভাৰ শিক্ষা সচিব গোবিন্দ শাণ্ডলিয়, বিটিআৰ গোৰ্খা সমাজৰ সভাপতি উত্তম প্ৰধান, দীনেশ সুৱেদিৰ লগতে অতিথিসকলে অনুষ্ঠান সম্পৰ্কত মন্তব্য কৰে ।
লগতে পঢ়ক : উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন:উদ্ধাৰ অভিযান অব্য়াহত