ETV Bharat / state

চিৰাঙত একেদিনাই উদ্ধাৰ তিনিটাকৈ দুস্প্ৰাপ্য বন্য প্ৰাণী - Three different wild animal rescue at Chirang

তিনিওটা দুষ্প্ৰাপ্য প্ৰাণীকে গুৱাহাটী চিৰিয়াখানাৰ কতৃপক্ষক গতাই দিব বুলি হ'ব বুলি জনাইছে চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ৷

Three different wild animal rescue at Chirang
চিৰাঙত একেদিনাই উদ্ধাৰ তিনিটাকৈ দুস্প্ৰাপ্য বন্য প্ৰাণী
author img

By

Published : May 27, 2020, 7:58 PM IST

চিৰাং, 27 মে': বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ বাবে জনসাধাৰণৰ লগতে ক্ষতিগ্ৰস্ত হৈছে জীৱকুলৰ ৷ অত্যাধিক বৰষুণ আৰু ধুমুহাৰ ফলত অনিষ্ট হৈছে জীৱকুলৰ বাসস্থান ৷ যাৰবাবে জীৱকুলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ ইয়াৰ মাজতে মঙলবাৰে একেদিনাই চিৰাঙত উদ্ধাৰ হৈছে তিনিটাকৈ দুষ্প্ৰাপ্য বন্য প্ৰাণী ৷ দুষ্প্ৰাপ্য বন্য প্ৰানী কেইটা উদ্ধাৰ কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে ৷ মঙলবাৰে বিয়লি চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী স্বপন বৰ্মনৰ বিজনীস্থিত ঘৰৰ পিচফালে বাগানত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ ৷ একেদৰে বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হায়দৰ হুচেইনে নিজৰ কৰ্তব্যলৈ গৈ থকাৰ সময়তে আউজাৰগুৰিত পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰে এটা দেৰমহীয়া সোনালী বান্দৰৰ পোৱালী ৷ বৰ্তমান নিজৰ সন্তানৰ দৰেই সোনালী বান্দৰৰ পোৱালীটোৰ দায়িত্ব পালন কৰিছে বিষয়া হাইদৰ হুচেইনৰ পত্নী ফাতেমা খাতুনে ৷

মাতৃহাৰা সোনালী বান্দৰৰ পোৱালীক মাতৃৰ মৰম এগৰাকী মহিলাৰ

আনহাতে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু জ্যোতি নাথে বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই ছোটো স্যামথাইবাৰীৰ পৰা উদ্ধাৰ কৰে এটা দুষ্প্ৰাপ্য লক্ষ্মী ফেঁচা ৷ জানিব পৰা মতে তিনিজন ব্যক্তিয়ে বিক্ৰীৰ বাবে আনিছিল ফেঁচাটো ৷ ফেঁচাটোৰ লগতে আৰক্ষীয়ে আটক কৰে সোম মাৰ্ডী, মঙ্গল হেমব্ৰম , আৰু লক্ষ্মন হাজদা নামৰ তিনিজন ব্যক্তিক ৷ পাছত বন বিভাগৰ নিয়ম অনুসৰি তিনিওকে হাজিৰ কৰোৱা হয় আদালতত ৷

চিৰাঙত একেদিনাই উদ্ধাৰ তিনিটাকৈ দুস্প্ৰাপ্য বন্য প্ৰাণী

তিনিওটা দুষ্প্ৰাপ্য প্ৰাণীকে গুৱাহাটী চিৰিয়াখানাৰ কতৃপক্ষক গতাই দিব বুলি হ'ব বুলি জনাইছে চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ৷

লগতে পঢ়কঃ সুখবৰ! ৰাজ্যত অচিৰেই বৃদ্ধি পাব কৰ্ম সংস্থাপন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.