চিৰাং,24 ফেব্ৰুৱাৰী: চিৰাঙৰ গৰুভাষাত আৰক্ষীৰ অভিযানত পশুধন সৰবৰাহ কৰা বাহনসহ চোৰাং গৰু ব্যৱসায়ত জড়িত তিনিগৰাকী ব্যক্তিক কৰায়ত্ত ৷ মঙলবাৰে নিশা চিৰাং আৰক্ষীয়ে এক অভিযান চলাই এখন ট্ৰাকেৰে চোৰাং পশুধনসমূহ লৈ গৈ থকা অৱস্থাত উদ্ধাৰ কৰে 15 টা গৰুৰ লগতে 7 টাকৈ ম'হ ৷ চোৰাং গৰু আৰু ম'হকেইটা উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে ৷
![three detained for alleged cattle smuggling case in chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangillegalcowcarrierwiththree-vis-10012_23022021182237_2302f_1614084757_94.jpg)
গৰুভাষা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ পাটগিৰিৰ নেতৃত্বত চলা এই অভিযানত চম্পাৱতী আৰু গৰুভাষাৰ মাজৰ শ্যামঠাইবাৰী নামৰ ঠাইত বাহনৰ চালকসহ অন্য দুগৰাকী যুৱকক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন যুৱক কেইজন ক্ৰমে আমজাদ আলী (28), তাহেৰ আলী শেইখ (26) আৰু চফিয়ান মোল্লাহ (40) ৷
![three detained for alleged cattle smuggling case in chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangillegalcowcarrierwiththree-vis-10012_23022021182237_2302f_1614084757_419.jpg)
উল্লেখ্য যে, চোৰাং গৰু আৰু ম'হ ভৰ্তি AS 01 LC 9411 নম্বৰৰ ট্ৰাকখন কোকৰাঝাৰৰ বিশমুৰিৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷
![three detained for alleged cattle smuggling case in chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangillegalcowcarrierwiththree-vis-10012_23022021182237_2302f_1614084757_759.jpg)
লগতে পঢ়ক: অসম-বাংলাদেশ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী