ETV Bharat / state

দলঙৰ অভাৱত মাক্ৰা নৈ ওপৰেৰে বিপদসংকূল যাত্ৰা গঞাৰ

author img

By

Published : Jun 22, 2021, 3:19 PM IST

চিৰাঙৰ আমগুৰি, নাৰায়ণপুৰ, ৰাঙীঝোৰা সহ বহু গাঁৱৰ নৈপৰীয়া লোকৰ দুৰ্বিসহ যাতায়াত । আজি পৰ্যন্ত চৰকাৰৰ দৃষ্টি নপৰিল ভাৰত-ভুটান সীমান্তৰ এই সমুহ অঞ্চললৈ ।

dangerous-journey-by-villager-lack-of-bridge-over-makra-river
দলঙৰ অভাৱত মাক্ৰা নৈ ওপৰেৰে বিপদসংকূল যাত্ৰা গঞাৰ

চিৰাং, 22 জুন :চৰকাৰৰ দৃষ্টি নপৰা চিৰাঙৰ এটা বিশেষ অঞ্চল ৷ য'ত আজি পৰ্যন্ত নিৰ্মাণ নহ'ল গুৰুত্বপূৰ্ণ গ্ৰাম্য পথটোও ৷ চিৰাঙৰ আমগুৰি, নাৰায়ণপুৰ, ৰাঙীঝোৰা সহ বহু গঁৱৰ নৈপৰীয়া লোকৰ দুৰ্বিসহ যাতায়াত ৷ স্থানীয় লোকে কৰা অভিযোগ অনুসৰি চৰকাৰৰ দৃষ্টি নপৰে ভাৰত-ভুটান সীমান্তৰ এই সমুহ অঞ্চলত ৷ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

আজিও চিৰাঙৰ আমগুৰিৰ মাক্ৰা নৈৰে খোজকাঢ়িয়ে ইপাৰ সিপাৰ হ’ব লগীয়া হৈ আহিছে সেই অঞ্চলৰ আটাইকেইখন গাঁৱৰ লোকে । যাতায়তৰ বাবে নৈখনৰ ওপৰত নাই কোনো দলঙৰ ব্যবস্থা ৷ নদীৰ পানী বৃদ্ধি হ’লে প্ৰায় ৩০-৩৫ খন গাঁওৰ লোক হৈ পৰে পন বন্দি । স্বাধীনতাৰ ৭৫ বছৰ পিচতো এক দুৰ্বিসহ যাতায়াত ব্যৱস্থা চিৰাঙৰ এই ভিতৰুৱা অঞ্চলৰ সমূহত । আমগুৰি বজাৰৰ পৰা বজাৰ কৰি পুৰুষ মহিলা সকলোৱে খোজকাঢ়িয়ে পাৰ হৈ নৈখন ।

কোনোবাই নিজে চলোৱা চাইকেল খন কান্ধত লৈ নৈ পাৰ হোৱাৰ দৃশ্য বন্দি হল কেমেৰাত । সীমান্তৰ নাৰায়ণপুৰ, ৰাঙীঝোৰাকে আদি কৰি বহু কেইখন গাঁৱৰ লোকে এইদৰে যাতায়াত কৰে নৈৰ মাজেৰে । নৈৰ পানী বাঢ়িলে খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰেই দুই তিনিদিন থাকিব লগীয়া হয় গঞা ৰাইজে ৷ ৰোগীক লৈয়ো বিপাঙত পৰিব লগীয়া হয় অঞ্চলটোৰ ৰাইজ ।

নৈৰ পানী কম থাকিলে ঠেলাৰে আনি নৈৰ অংশত বোকোচাত লৈ নৈ পাৰ কৰে যদিও নৈৰ পানী বেছি হলে ঘৰতে বিনা চিকিৎসাই মৃত্যুক সাৱটিব লগীয়া হৈছে বহুতো ৰোগীয়ে । স্থানীয় ৰাইজে জনোৱা মতে প্ৰায় 30-40 বছৰ ধৰি অঞ্চলটো ৰাইজে এইদৰেই যাতায়ত কৰি আহিছে । শীঘ্ৰে পথটো দলঙৰ সৈতে সংলগ্ন কৰি যাতায়ত সুচল কৰিবলৈ চৰকাৰৰ সংশ্লিষ্ট বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.