চিৰাং, 12 অক্টোবৰ : চিৰাং জিলাৰ বিজনীৰ থৰিবাৰী সমষ্টিত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই সোমবাৰে 19 নং থুৰিবাৰী পৰিষদীয় সমষ্টীৰ নিজ দলৰ প্ৰাৰ্থী আবুছায়েদ আনছাৰীৰ হৈ প্ৰচাৰ চলায় । প্ৰমোদ বড়োৰ উপস্থিতিত ৰাতিপুৱা 10 বজাত বিজনীৰ ছাতিয়ানগুৰিস্থিত থুৰিবাৰী ব্লক ইউপিপিএল কাৰ্যালয়ত 164 গৰাকী বিভিন্ন দলৰ পৰা অহা লোকে ইউপিপিএলত যোগদান কৰে ।



নতুন কৈ যোগদান কৰা লোক সকলক আদৰণি জনাই দলৰ সভাপতি প্ৰমোদ বড়োই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰে ৷ লগতে, বিগত 17 বছৰে বিটিচিত যিদৰে বৃহৎ কেলেংকাৰী ,দুৰ্নীতি আদি কৰিলে তাৰ বাবে কোনেও একো কৰিব নালাগে । বিগত সময়ত কৰা ভূলৰ বাবেই হাগ্ৰামা মহিলাৰী নিজেই একাশৰীয়া হবলৈ গৈ আছে বুলিও মন্তব্য প্ৰদান নেতা গৰাকীৰ । অহা নিৰ্বাচনত নিশ্চিহ্ন হ'ব বিপিএফ দল । বিটিআৰৰ বিৰুদ্ধে আন্দোলন কৰা জিএচপিয়ে বিগত সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কোনো কাম নকৰাৰ বাবে বিটিআৰ হোৱাৰ পিচত ৰাইজে শংকাত ভূগিছে বুলি উল্লেখ কৰে । এতিয়া তেওঁলোকৰ ৰাজনীতি শেষ হ'ব সেয়া নিশ্চিত বুলিও কয় প্ৰমোদ বড়োই ।
লগতে পঢ়ক : আজিৰে পৰাই সম্পূৰ্ণ উপস্থিতিৰে পূৰ্ণগতিত কাম কৰিব উচ্চতম ন্যায়ালয়ে