ETV Bharat / state

ভেকচিনক লৈ যে ক’ত কিমান কাহিনী !

author img

By

Published : Jun 14, 2021, 5:38 PM IST

চিৰাং জিলাৰ বিজনীৰ কাৱাটীকাত এজন চুম্বকীয় মানুহ ! কাৱাটীকাৰ নিবাসী শিৱশংকৰ অধিকাৰীৰ দেহত লাগি ধৰিছে ষ্টীলৰ সামগ্ৰী । কেইদিনমান পূৰ্বে বিভিন্ন মাধ্যমেৰে একাংশ লোকৰ দেহত চুম্বকীয় শক্তি অহাৰ ভাইৰেল ভিডিঅ’ দেখি শিৱশংকৰ অধিকাৰী নামৰ লোকজনেও নিজৰ দেহত এই পৰীক্ষা কৰি চালে ৷ এনে কৰাত লোকজনৰ দেহত চামুচ লাগি ধৰাৰ পাচতেই অঞ্চলটোত এই লৈ সৃষ্টি হৈছে বিভিন্ন গুজৱ ৷

Chirang Megnet man
সচাকৈ ভেকচিন লোৱাৰ বাবেই চামুচ লাগি ধৰিছে নেকি গাত ?

চিৰাং, 14 জুন: বিগত কেইবাদিনো ধৰি সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰি আহিছে চুম্বক মানৱে ৷ এই চুম্বক মানৱ কোনো ভগৱান প্ৰদত্ত ঐচ্ছৰিক গুণৰ অধিকাৰী নহয় ৷ এচামৰ মতে, এই চুম্বক মানৱৰ আবিৰ্ভাৱ হৈছে ক’ভিড-19ৰ ভেকচিন গ্ৰহণৰ পাছতে ৷

এই লৈ যোৱা কেইবাদিনো ধৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বহু ফটো ভিডিঅ’ আৰু ফটো ৷ এই ফটো বোৰত প্ৰকাশ কৰা অনুসৰি ভেকচিন লোৱাৰ পাচত একাংশ লোকৰ দেহত ধৰা পৰিছে চুম্বকীয় শক্তিৰ ৷

উল্লেখযোগ্য যে,শেহতীয়াকৈ এই চুম্বক মানৱৰ আৱিৰ্ভাৱ হৈছে অসমতো ৷ অসমৰ চিৰাং জিলাত সংঘটিত হৈছে এই অবিশ্বাস্য ঘটনা ৷ বিজনীৰ কাৱাটীকাৰ শিৱশংকৰ অধিকাৰী নামৰ এজন লোকৰ দেহত চামুচ, হেতা, মুদ্ৰা, খন্তি আদি লাগি ধৰাত এই লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই কাণ্ড দেখি আচৰিত হৈ পৰিছে স্থানীয় লোকসকল ।

ভেকচিনক লৈ যে ক’ত কিমান কাহিনী !

বিজনী ভেটাগাঁৱৰ নৱাৰূণ স্কুলৰ বিজ্ঞান শিক্ষক অধিকাৰীয়ে কিছু দিন পূৰ্বে ক’ভিড-19 ৰ ভেকচিন গ্ৰহণ কৰিছিল ৷ বিভিন্ন ঠাইৰ খবৰৰ পাচতেই ভেকচিনৰ বাবেই এই শক্তি বিভিন্ন জনৰ দেহত সৃষ্টি হোৱা বুলি জানিব পৰাত শিৱশংকৰ অধিকাৰীয়ে নিজৰ দেহতো এই পৰীক্ষা চলাইছিল ৷ ইয়াৰ পাচতেই তেওঁৰ দেহত লাগি ধৰিছিল স্টীলকে ধৰি বিভিন্ন সামগ্ৰী ৷

অৱশ্যে শিক্ষকজনৰ মতে এয়া কোনো ভেকচিন লোৱাৰ বাবে ঘটা নাই ৷ সাধাৰণতে একাংশ মানুহৰ দেহত এক ধৰণৰ মেগনেটিক পাৱাৰ থাকে, যাৰ ফলত এই ধৰণৰ ষ্টীল জাতীয় সামগ্ৰী দেহত লাগি ধৰে । তেখেতে জানিবলৈ দিয়া মতে, প্ৰায় 7 বছৰ পূৰ্বেও বিজ্ঞান শিক্ষকজনৰ গাত এনে চুম্বকীয় শক্তি ধৰা পৰিছিল ৷ ভেকচিনেচনৰ কাৰণে এই চুম্বকীয় শক্তি লাভ কৰাৰ কথা অস্বীকাৰ কৰে শিক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক:অসম বুকচ অফ ৰেকৰ্ডত উজলিল বাক্সাৰ যুৱকৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.