ETV Bharat / state

শিক্ষক নাইঃ চিৰাঙত শিক্ষাৰ্থীৰ প্ৰতিবাদ - খাম্পা বৰগয়াৰী

এখন বিদ্যালয়, য'ত পাঠদান কৰিবলৈ নাই শিক্ষক৷ এজন শিক্ষকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷

চিৰাঙত পাঠদানৰ বাবে শিক্ষক বিচাৰি ছাত্ৰ-ছাত্ৰীৰ আন্দোলন : নিৰ্বিকাৰ শিক্ষা বিভাগ
author img

By

Published : Jun 13, 2019, 7:44 PM IST

চিৰাং, 13 জুন: এখন বিদ্যালয়, য'ত পাঠদান কৰিবলৈ নাই শিক্ষক৷ এজন শিক্ষকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷ চিৰাঙৰ গৰুভাষা হাইস্কুলৰ দৃশ্য এয়া ৷ য'ত আজি পুৱা ন বজাৰ পৰাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিবলগীয়া হৈছে শিক্ষক বিচাৰি ৷ বড়ো আৰু অসমীয়া দুটা মাধ্যমৰ বিদ্যালয়খনত 635 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ 14 জন ৷

চিৰাঙত পাঠদানৰ বাবে শিক্ষক বিচাৰি ছাত্ৰ-ছাত্ৰীৰ আন্দোলন : নিৰ্বিকাৰ শিক্ষা বিভাগ

এইক্ষেত্ৰত শিক্ষাবিভাগেও পালন কৰিছে নিৰ্বিকাৰ ভুমিকা ৷ বিদ্যালয়খনত 11 জন শিক্ষকৰ পদ খালী হৈ আছে ৷ তদুপৰি চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া জগদীশ প্ৰসাদ ব্ৰহ্মই এক নিৰ্দেশনা যোগে বিদ্যালয়খনৰ দুজন শিক্ষকক বদলি কৰিছে৷ আৰু এজন শিক্ষক অতি কম সময়ৰ ভিতৰত বিএড কৰিবলৈ যাব৷ এনেই শিক্ষকৰ নাটনি, তাতে তিনিজন শিক্ষক কমি যোৱাত নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল৷ উল্লেখ্য যে বিজ্ঞান শিক্ষকৰ পদটো বহুদিনৰ পৰা খালী হৈ আছে বিদ্যালয়খনত৷

Intro:চিৰাঙত পাঠদানৰ বাবে শিক্ষক বিচাৰি ছাত্ৰ-ছাত্ৰীয়ে কৰিবলগীয়া হৈছে আন্দোলন। নিৰ্বিকাৰ শিক্ষা বিভাগ । এয়া জিলাখনৰ গৰুভাষা হাই স্কুলৰ দৃশ‍্য । যত আজি ৰাতিপুৱা ন বজাৰ পৰাই বিদ‍্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেনী বৰ্জন কৰি আন্দোলন কৰিবলগীয়া হৈছে শিক্ষক বিচাৰি । বিদ‍্যালয় খনৰ ৬৩৫ জন ছাত্ৰ ছাত্ৰীৰ বিপৰিতে শিক্ষক-শিক্ষয়িত্ৰী মাত্ৰ ১৪ জন হে । ইয়াত বড়ো আৰু অসমীয়া দুটা মাধ‍্যম আছে । ষষ্ঠ মানৰ পৰা দশম মানলৈ পাঠদান কৰে মাত্ৰ ১৪ জন শিক্ষকে । বিদ‍্যালয় খনত ১১ জন শিক্ষকৰ পদ খালী হৈ আছে । ইয়াৰ মাজতে চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া জগদিশ প্ৰশাদ ব্ৰহ্মই এক নিৰ্দেশনা যোগে বিদ‍্যালয় খনৰ দুজন শিক্ষকক বদলি কৰিছে । বিদ‍্যালয় খনৰ এজন শিক্ষক অতি কম দিনৰ ভিতৰতে বিএড কৰিবলৈ যাব। ইয়াৰোপৰি বিদ‍্যালয় খনত দীৰ্ঘদিনৰ পৰাই বিজ্ঞান শিক্ষকৰ পদটো খালী হৈ আছে । সদ‍্য ঘোষিত হাইস্কুল শেষান্ত পৰিক্ষাৰ ফলাফল চিৰাং জিলাত অতিকে পিচপৰা আছিল । এই দৰে যদি শিক্ষক বিহিন ভাৱে চলি থাকে তেন্তে অহা বছৰ যে ফলাফল অধিক বেয়া হব সেয়া নিশ্চিত । শিক্ষা বিভাগৰ অৱহেলাৰ ফলতে জিলাখনৰ শিক্ষাৰ মানদণ্ড পিচপৰা । চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ১ ।। ছাত্ৰ-ছাত্ৰী লগতে ছাত্ৰ সংগঠনৰ নেতাৰ বাইট দিলো । ২।। ৰঞ্জিত ৱাৰী, প্ৰধান শিক্ষক, গৰুভাষা হাইস্কুল ।

Conclusion:বিটিএডিৰ উপ মুখ‍্য তথা শিক্ষা বিভাগৰ কাৰ্য‍্যবাহী সদস‍্য খাম্পা বৰগয়াৰীৰ গৃহ জিলা চিৰাঙৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ‍্যালয়ত পাঠদানৰ বাবে শিক্ষক বিচাৰি আজি এইদৰেই আন্দোলন কৰিবলগীয়া হৈছে । অতিকে দুৰ্ভাগ‍্যজনক যে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক বিচাৰি শ্ৰেণী বৰ্জন কৰি এই দৰে আন্দোলন কৰাৰ পিচতো বিটিচিৰ শিক্ষা বিভাগ তথা চিৰাং জিলা শিক্ষা বিভাগৰ কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.