ETV Bharat / state

ড্ৰেগন ফলৰ খেতিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত - Chirang District

ছ’চিয়েল মিডিয়া ইউ টিউবৰ সদ ব্যৱহাৰ কৰি উপকৃত কৃষক ৷ চিৰাঙৰ এক নং দাউখানগৰৰ এগৰাকী কৃষকে ইউ টিউবৰ জৰিয়তে প্ৰেৰণা লাভ কৰি আৰম্ভ কৰিছিল ড্ৰেগন ফলৰ খেতি ৷ এই খেতি কৰি সম্প্ৰতি লাভৰ সন্মুখীন হোৱাৰ উপৰিও আত্মনিৰ্ভৰশীল হৈ পৰিছে কৃষকগৰাকী ৷

story of self depend successful farmers Chirang assam etv bharat news
ড্ৰেগন ফলৰ খেতি
author img

By

Published : Oct 5, 2020, 12:30 PM IST

চিৰাং, 5 অক্টোবৰ : প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণাৰে আগ্ৰহী হৈ সম্প্ৰতি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে চিৰাঙৰ এগৰাকী কৃষকে ৷ ছ’চিয়েল মিডিয়া ইউ টিউবৰ সহায় লৈ উপকৃত হৈ পৰিছে কৃষকগৰাকী ৷ কোনো উপযুক্ত প্ৰশিক্ষণ অবিহনে কৃষকগৰাকীয়ে আৰম্ভ কৰিছে ড্ৰেগন ফলৰ খেতি ৷ ড্ৰেগন ফলৰ উপৰিও কৃষকগৰাকীয়ে বহু উন্নত জাতৰ বগৰী, লিচু, কল আৰু প্ৰায় পাঁচ বিঘা ভূমিত এটা পুখুৰী খান্দি মাছৰ লগতে পাণ, তামোল, উন্নত মানৰ ধানৰ খেতি কৰি পৰিচয় দিছে অনন্য ৰূপত ৷ দুই শিক্ষিত পুত্ৰক সহযোগী হিচাপে লৈ জিলাখনৰ 1নং দাউখানগৰৰ ইয়াচিন আলীয়ে অব্যাহত ৰাখিছে এই প্ৰচেষ্টা ৷

story of self depend successful farmers Chirang assam etv bharat news
বিক্ৰীৰ বাবে সাজু ড্ৰেগন ফল

কৃষকগৰাকীয়ে উন্নত মানৰ বায়ফ্লগ পদ্ধতিৰে মাছ পোহাৰ পৰিকল্পনা পুহি ৰাখিছে ৷ সৰুৰে পৰা বিভিন্ন ব্যৱসায়ত জড়িত কৃষকগৰাকীয়ে কৃষিখণ্ডত পুৰণি কৌশল প্ৰত্যাহাৰ কৰি নতুন কৌশল অৱলম্বন কৰি খেতি কৰাৰ ক্ষেত্ৰত সদায়ে আগ্ৰহী হৈ পৰা দেখা গৈছে ৷ প্ৰায় চাৰি বছৰ পূৰ্বে কৃষকগৰাকীয়ে ইউ টিউবত প্ৰত্যক্ষ কৰে ড্ৰেগন ফলৰ বিষয়ে ৷ পৰৱৰ্তী সময়ত গুজৰাটৰ পৰা এই ফলৰ পুলি আনি ৰোপণ কৰে খেতিত ৷ সম্প্ৰতি ইয়াচিন আলীয়ে প্ৰতি কিল’গ্ৰাম ড্ৰেগন ফল বিক্ৰীৰ বিপৰীতে লাভ কৰি আছে 400 টকা ৷ এই ফল উপলব্ধ হৈ পৰিছে চিৰাং আৰু বঙাইগাঁৱৰ বিভিন্ন বজাৰত ৷

ইউ টিউবৰ সদ ব্যৱহাৰ কৰি উপকৃত কৃষক

বছৰৰ প্ৰায় ছমাহে ফল ধৰে এই ড্ৰেগন ফলৰ গছত ৷ এজোপা ড্ৰেগন গছে 14/15 মাহৰ পিছৰ পৰা ফল দিয়াৰ পৰা আৰম্ভ কৰি বছৰেকত 20/30 কেজি পৰ্যন্ত ফল দিবলৈ সক্ষম হয় বুলি কৃষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ তদুপৰি এই ফলৰ পুলি বিক্ৰী কৰিও লাভান্বিত হৈছে কৃষক আলী ৷ কৃষি বিভাগৰ প্ৰশিক্ষণ অবিহনে খেতি আৰম্ভ কৰা কৃষকগৰাকীয়ে এইক্ষেত্ৰত লাভ কৰা নাই কোনো চৰকাৰী সুবিধা ৷

লগতে চাওকঃ বৰপেটাত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.