চিৰাং, 31 অক্টোবৰ: পুনৰ ক'ৰণাৰ গ্ৰাসত চিৰাং জিলা । চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিৰ চেইন্ট আগষ্টিন চিকিৎসালয়ক কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনৰ হোষ্টেলৰ নাৰ্ছ আৰু চিকিৎসালয় ষ্টাফৰ অধিকাংশ লোক ক'ভিড আক্ৰান্ত হোৱাত আজি জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত গৌতম তালুকদাৰে এক নিৰ্দেশনা যোগে চিকিৎসালয়খনক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে।
![চেইন্ট আগষ্টিন চিকিৎসালয়ক কন্টেইনমেন্ট জ'ন ঘোষনা জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangstaugustinhospitalcontainentzone-vis-10012_31102020170001_3110f_1604143801_618.jpg)
উল্লেখ্য যে বিগত ৪৮ ঘন্টাত চিকিৎসালয় খনৰ সৈতে জড়িত ৪৫ গৰাকী লোক ক'ভিড আক্ৰান্ত হৈছে । চিকিৎসালয় খনৰ পৰা যাতে অধিক হাৰত ক'ভিড-19 ৰ সংক্ৰমণ নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি অসম ক'ভিড নিয়ন্ত্ৰণ-২০২০ ৰ অধীনত জিলা প্ৰশাসনে চিকিৎসালয়খনক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে । অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নীতি অনুসৰি জিলা প্ৰশাসনে সুৰক্ষিত অঞ্চল বুলি ঘোষণা নকৰা পৰ্যন্ত চিকিৎসায়খনত অন্য লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে ।
![চিৰাং জিলাত পুনৰ ক'ৰণাৰ ত্ৰাস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangstaugustinhospitalcontainentzone-vis-10012_31102020170001_3110f_1604143801_32.jpg)
উল্লেখ্য যে চৰকাৰী নিৰ্দেশনাৰ বিপৰীতে যিকোনো ধৰণৰ অনিয়ম সংঘটিত কৰাজনৰ বিৰুদ্ধে অসম ক'ভিড নিয়ন্ত্ৰণ - ২০২০ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ২০০৫ চনৰ আইন আৰু অন্যান্য মহামাৰী প্ৰতিৰোধী আইন ১৮৯৭ অনুসৰি শাস্তিৰ ব্যৱস্থা কৰা হ'ব ।
লগতে পঢ়ক: কামপুৰত সংসাৰ পাতিবলৈ আহি ৰাইজৰ ৰোষত যুৱক