ETV Bharat / state

চিৰাঙ আৰু বঙাইগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও - বঙাইগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও

অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বানত চিৰাঙ আৰু বঙাইগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও ৷ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ লগতে স্নাতক শিক্ষকক গ্ৰেড পে উভোতাই দিয়াৰ প্ৰতিবাদী শিক্ষকৰ ৷

As_Chg_01_Chirang_Bongaigaon_teachers_protest_vis_img_10012
sikshak sanmilani staged protest demanding grade pay
author img

By

Published : Feb 20, 2021, 7:30 PM IST

চিৰাং, 20 ফেব্ৰুৱাৰী: চৰকাৰক প্ৰতাৰণা বন্ধ কৰাৰ আহ্বান জনাই শনিবাৰে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে প্ৰায় শতাধিক শিক্ষকে চিৰাং আৰু বঙাইগাঁৱৰ শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে কাজলগাঁও আৰু বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ দাবী উত্থাপন কৰে ৷ কাজলগাঁও আৰু বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা সন্মিলনীয়েও বঙাইগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷

অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ আহ্বানত চিৰাঙ আৰু বঙাইগাঁৱত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও

অন্যান্য দাবী সমূহৰ লগতে স্নাতক শিক্ষকৰ পৰা 8,700 টকাৰ গ্ৰেড পে' কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী শিক্ষকসকলে উক্ত গ্ৰেড পে উভোতাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও একেই দাবীৰ সমৰ্থনত শিক্ষক সকলে তিনিদিনীয়াকৈ অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছিল ৷

লগতে পঢ়ক: গ্ৰেড পে বিচাৰি মংগলদৈত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.