চিৰাং,11 মে': ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ সময়তে প্ৰতিষেধকৰ নাটনি হৈছে চিৰাঙত । জিলাখনৰ প্ৰতিষেধক বিষয়া অতুল দাসে জনোৱা অনুসৰি জিলাখনত মাত্ৰ দুহেজাৰ চাৰিশ গৰাকী ব্যক্তিকহে দিব পৰাকৈ প্ৰতিষেধক মজুত আছে । তদুপৰি ইয়াক ব্যৱহাৰ কৰিলে এদিনতে শেষ হ’ব এই প্ৰতিষেধক । ইপিনে জিলাখনৰ প্ৰতিখন চিকিৎসালয়তে ক’ভিড প্ৰতিষেধকৰ বাবে ভীৰ কৰিছে সাধাৰণ লোকে ।
মঙলবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত দেখিবলৈ পোৱা গ’ল সামৰিক তথা অৰ্ধ সামৰিক বাহিনীৰ লোকেও সাধাৰণ লোকৰ সৈতে শাৰীত থিয় দিছে ক’ভিড প্ৰতিষেধকৰ বাবে । কিন্তু মাত্ৰ এটা দিনৰ পিচতে কাইলৈৰ পৰা দিবলৈ জিলাখনত মজুত নাই পৰ্যাপ্ত প্ৰতিষেধক ৷
লগতে পঢ়ক : একমাত্ৰ উপাৰ্জনক্ষম সদস্যৰ শাৰিৰীক স্থিতিত বিধ্বস্ত এটা পৰিয়াল