চিৰাং, 12 জুলাইঃ দেওবাৰৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছে চিৰাং জিলাৰ বান পৰিস্থিতি। ভূটানৰ পৰা নামি অহা মাক্ৰা নদীৰ পানী ফেনে ফোটোকাৰে বাঢ়িয়েই আহে । নিশা প্ৰায় ডেৰ বজাত কালামাটিৰ পৰা অহা পানীয়ে বুৰাই পেলাই বহুকেইটা অঞ্চল ৷
ইপিনে ২ নং টাঙাবাৰী দৈসুমগুৰীত আৱদ্ধ হৈ পৰা ৭ টা পৰিয়ালৰ ৩৩ জন লোকক চিৰাং জিলা প্ৰশাসনৰ তৎপৰতাত এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে । তাৰ পিচতে টাঙাবাৰী প্ৰাথমিক বিদ্যালয়ত শিৱিৰ পাতি তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিয়ে ।
![চিৰাঙত বানত আৱদ্ধ ৩৩ জনক উদ্ধাৰ এচডিআৰএফ বাহিনীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangfloodresque-vis-10012_12072020191024_1207f_1594561224_406.jpg)
![চিৰাঙত বানত আৱদ্ধ ৩৩ জনক উদ্ধাৰ এচডিআৰএফ বাহিনীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangfloodresque-vis-10012_12072020191024_1207f_1594561224_852.jpg)
উল্লেখ্য যে, এই বানৰ ফলত মৎসপালক সকলো অধিক লোকচানৰ সন্মুখীন হৈছে কিয়নো বানত বহু মাছ পুখুৰীৰ পৰা ওলাই গৈছে ৷
![চিৰাঙৰ বান পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangfloodresque-vis-10012_12072020191024_1207f_1594561224_763.jpg)
![অপৰিৱৰ্তিত হৈ আছে চিৰাং জিলাৰ বান পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangfloodresque-vis-10012_12072020191024_1207f_1594561224_1110.jpg)
চিৰাং জিলাৰ ইতিমধ্যে কেবাটাও স্থানত বানপানীয়ে পথ খহাই নিয়াৰ লগতে কালভাৰ্ট, দলং আদি উটুৱাই নিছে । মন্ত্ৰী চন্দন ব্ৰহ্মই জিলাখনৰ বান পৰিস্থিতিৰ বুজলৈছে সঘনাই । সকলো ঠাইত পৰ্য্যাপ্ত পৰিমানে ৰেচন দিয়াৰ নিৰ্দেশনা দিছে মন্ত্ৰী জনে । অৱশ্যে ঠায়ে ঠায়ে এতিয়াও জিলা প্ৰশাসনৰ ৰেচন নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।
![অপৰিৱৰ্তিত হৈ আছে চিৰাং জিলাৰ বান পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangfloodresque-vis-10012_12072020191024_1207f_1594561224_159.jpg)
লগতে পঢ়কঃ চিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ