ETV Bharat / state

চিৰাঙত এখন অসমীয়া বিদ্যালয় বিগত এবছৰে নাই কোনো শিক্ষক ! - চিৰাঙ

চিৰাঙত যোৱা এবছৰে শিক্ষক বিহীনভাৱে চলি আছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । ২৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰিতে যোৱা ২০১৮ চনৰ আগষ্ট মাহৰ পৰাই বিদ্যালয়খনত নাই কোনো শিক্ষক৷ খবৰ নাই শিক্ষা বিভাগৰ ৷

চিৰাঙত এখন অসমীয়া বিদ্যালয় বিগত এবছৰে নাই কোনো শিক্ষক !
author img

By

Published : Sep 17, 2019, 9:14 PM IST

চিৰাং, 16 চেপ্তেম্বৰ : চিৰাঙত যোৱা এবছৰে শিক্ষক বিহীনভাৱে চলি আছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা ক্লাষ্টাৰৰ অন্তৰ্গত ৰুনিখাতা ক্লাষ্টাৰৰ অন্তৰ্গত হুন্তাপাৰা প্ৰাথমিক বিদ্যালয়ত বড়োমাধ্যমৰ অসমীয়া নজনা এজন শিক্ষকে চলাইছে পাঠদান ৷ বড়ো মাধ্যমৰ ১২ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক আৰু অসমীয়া মাধ্যমৰ ২৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে যোৱা ২০১৮ চনৰ আগষ্ট মাহৰ পৰাই বিদ্যালয়খনত নাই কোনো শিক্ষক৷ প্ৰাথমিক বিদ্যালয়খনত অসমীয়া লিখিব-পঢ়িব নোৱাৰা বড়োমাধ্যমৰ শিক্ষকেই মাজে সময়ে পাঠদান কৰে ।

শিক্ষক নোহোৱা বিদ্যালয়!

এই কাৰ্যই পুনৰ প্ৰমাণিত কৰিলে ৰাজ্যৰ শিক্ষা বিভাগৰ পৰিৱৰ্তন তথা উন্নয়নৰ নমুনা । এবছৰৰ পৰা শিক্ষক নথকা অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে কিদৰে পাঠদান কৰিছে তাৰ কোনো খবৰ লোৱা নাই খোদ শিক্ষা বিভাগৰে বিষয়া-কৰ্মচাৰী সকলৰ ৷

Intro:চিৰাঙত এবছৰে শিক্ষকহীন চৰকাৰী এখন প্ৰাথমিক বিদ্যালয় । অসমীয়া মাধ্যম ধ্বংশৰ ষৰযন্ত্ৰ বিটিচিত । বড়োমাধ্যমৰ অসমীয়া নজনা শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে বিদ্যালয়খনত ।

Body:চিৰাঙত যোৱা এবছৰে শিক্ষক বিহীনভাৱে চলিছে চৰকাৰী খণ্ডৰ এখন প্ৰাথমিক বিদ্যালয় । জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা ক্লাষ্টাৰৰ অন্তৰ্গত হুন্তাপাৰা প্ৰাথমিক বিদ্যালয়ৰ ঘটনা এয়া । বড়ো আৰু অসমীয়া দুয়োটা মাধ্যমৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জয় ইচলাৰীয়ে জনায় যে বিদ্যালয় খনত বড়ো মাধ্যমৰ ১২ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক কিন্ত অসমীয়া মাধ্যমৰ ২৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰিতে যোৱা ২০১৮ চনৰ আগষ্ট মাহৰ পৰাই নাই কোনো শিক্ষক । অসমীয়া লিখিব-পঢ়িব নোৱাৰা বড়োমাধ্যমৰ শিক্ষকেই মাজে সময়ে পাঠদান কৰে । অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি লক্ষ্য কৰিয়ে প্ৰধান শিক্ষক সঞ্জয় ইচলাৰীয়ে পাঠদান কৰাৰ কথা জনায় । ইপিনে বিদ্যালয় খনত অসমীয়া মাধ্যমৰ শিক্ষক বিচাৰী শিক্ষক তথা গাঁওৰ লোকে জিলা শিক্ষা বিষয়ালৈ বহুবাৰ লিখিত আবেদন কৰাৰ পিচতো কোনো শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা নাই ।

বাইট : শিক্ষক,ছাত্ৰ-ছাত্ৰী,ডিফাৰ লাইভ ।

Conclusion: এয়াই হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰিৱৰ্তন তথা উন্নয়নৰ নমুনা । বিটিচিত অসমীয়া মাধ্যম ধ্বংসৰ ষৰযন্ত্ৰ । মডেল বিটিচিৰ শিক্ষা ব্যস্থাৰ ফোপোলা স্বৰূপ । বিটিচিৰ উপমুখ্য তথা শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ নিজৰ পৰিষদীয় সমষ্টীৰ অন্তৰ্গত এইখন বিদ্যালয়ত সৰ্ব্ব শিক্ষা তথা শিক্ষাৰ অধিকাৰ আইনৰ উলংঘা হোৱা দেখিবলৈ পোৱা গৈছে । যত শিক্ষা বিভাগেই উলংঘা কৰিছে শিক্ষাৰ অধিকাৰ আইন । এবছৰৰ পৰা শিক্ষক নথকা অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে কিদৰে পাঠদান কৰিছে তাৰ কোনো খবৰ লোৱা নাই খোদ শিক্ষা বিভাগৰে বিষয়া-কৰ্মচাৰী সকলে ।।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.