চিৰাং,19 এপ্ৰিল : চিৰাঙৰ ঢালিগাঁৱত মুকলি বিহুৰ আয়োজন কৰে ৰংজালি বৈশাগু উদযাপন সমিতিয়ে । চৌদিশে ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে অসমীয়াৰ পদূলি ৷ অসমীয়াৰ সমান্তৰালকৈ বড়ো জনগোষ্ঠীয়েও উদযাপন কৰে তেওঁলোকৰ পৰম্পৰাগত ৰংজালি বৈশাগু ৷
ক’ৰণা মহামাৰীৰ আতংকৰ মাজতেই ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে হেঁপাহৰ ৰঙালী বিহু ৷ ৰঙালী বিহুক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠী ৷ নিজ নিজ পৰম্পৰাৰে বড়ো জনগোষ্ঠীৰ লোকসকলেও উদযাপন কৰে ৰংজালি বৈশাগু ৷ বৈশাগু উদযাপনত ডেকা-বুঢ়া সকলোৱে এপাক নাচি আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : মায়ঙত ৩৫৫ বছৰীয়া প্ৰাচীন পঞ্চ গোঁসাই উলিওৱা মেলা