ETV Bharat / state

Press meet on Eviction notice: "হাগ্ৰামা মহিলাৰীৰ সংখ্যালঘু বিদ্বেষী মনোভাৱৰ বাবে সংখ্যালঘুসকলে উচ্ছেদৰ জাননী লাভ কৰিছে"

author img

By

Published : Aug 7, 2023, 8:18 PM IST

"সকলো জাতি জনগোষ্ঠীৰ মাজৰ পৰা বাচি বাচি মুছলমানক কিয় উচ্ছেদৰ জাননী দিয়া হ’ল বুলি প্ৰশ্ন কৰে পৰিষদৰ সভাপতিগৰাকীয়ে । এইদৰে যদি বিটিআৰত শান্তি আনিবলৈ বিচাৰিছে তেনেহ’লে বিটিআৰ আকৌ অশান্ত হ’ব ৷"- সভাপতি আব্দুল আৱাল মণ্ডল

Press meet on Eviction notice
হাগ্ৰামা মহিলাৰীৰ সংখ্যালঘু বিদ্বেষী মনোভাৱৰ বাবে সংখ্যালঘুসকলে উচ্ছেদৰ জাননী লাভ কৰিছে

চিৰাং, 7 আগষ্ট : চিৰাঙৰ চিদলী ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা শতিকা পুৰণি হাশ্ৰাউবাৰী গাঁৱত বাস কৰা ১৯ টা সংখ্যলঘু পৰিয়াললৈ উচ্ছেদৰ ৰাজহুৱা জাননী প্ৰদান কৰাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

হাগ্ৰামা মহিলাৰীৰ সংখ্যালঘু বিদ্বেষী মনোভাৱৰ বাবেই আজি সংখ্যালঘুসকলে উচ্ছেদৰ জাননী পাবলগীয়া হৈছে বুলি এক সংবাদমেলযোগে তীব্ৰ ভাষাৰে সমালোচনা কৰে বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে । সোমবাৰে বৰতালোৱাস্থিত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে ৷

পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে সংবাদমেলখন সম্বোধন কৰি কয় যে যোৱা ২০১৯ চনত তেতিয়াৰ বিটিচি চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ভুল তথ্যৰ ভিত্তিত দিয়া শপতনামা অনুসৰিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মতে ট্ৰাইবেল বেল্ট ব্লকৰ উচ্ছেদৰ জাননী দি থকা পৰিলক্ষিত হৈছে। সেই সময়ত কোনো জৰীপ বা পৰ্যৱেক্ষণ নোহোৱাকৈ কাৰ্যালয়ত বহি বহিয়ে কেৱল মুছলমান অধ্যুষিত গাঁওসমূহক টাৰ্গেট কৰি তালিকা প্ৰস্তুত কৰি ন্যায়ালয়ক শপতনামা দিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে।

মণ্ডলে লগতে কয় যে, হাগ্ৰামা মহিলাৰীয়ে মুছলমানৰ সৈতে নামাজ পঢ়ে, ইফতাৰ কৰে মাথোঁ দেখুৱাবলৈহে কিন্তু ভিতৰে ভিতৰে মুছলমানসকলক কেতিয়াও আঁকোৱালি লোৱা নাছিল বাবেই এনে কাম কৰিছিল ৷ যিহেতু পৰিৱৰ্তনৰ নামত বিটিচিৰ প্ৰশাসনৰ মুৰব্বী হোৱা প্ৰমোদ বড়োৱে বিটিচিত শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে, সেয়ে তেওঁ যাতে বিষয়টো পৰ্যালোচনা কৰি প্ৰকৃত এখন তালিকা প্ৰস্তুত কৰি ন্যায়ালয়ত শপত নামা দিয়াৰ ব্যৱস্থা কৰে। কিয়নো ভাৰত স্বাধীন হোৱাৰ পুৰ্বৰে পৰা বসবাস কৰা লোকসকলকো ট্ৰাইবেল বেল্ট ব্লক উচ্ছেদৰ নামত জাননী দিয়া পৰিলক্ষিত হৈছে।

ষষ্ঠ অনুসূচীৰ জৰিয়তে বিটিচিৰ ১৯ টা ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সুৰক্ষিত হোৱাৰ পিচতো কেৱল বিটিচিতে বাচি বাচি মুছলমানক লক্ষ্য কৰি উচ্ছেদৰ জাননী দিয়া পৰিলক্ষিত হৈছে। অথচ অসমৰ ৪৮ টা ট্ৰাইবেল বেল্ট ব্লক আছে। তাত গুৱাহাটী মহানগৰীও পৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি জনজাতিসকলৰ প্ৰতি সঁচাই দৰদ আছে তেন্তে গুৱাহাটীকে ধৰি অন্যান্য ট্ৰাইবেল বেল্ট ব্লকসমূহো খালী কৰক বুলি দাবী কৰে মণ্ডলে।

সকলো জাতি জনগোষ্ঠীৰ মাজৰ পৰা বাচি বাচি মুছলমানক কিয় উচ্ছেদৰ জাননী দিয়া হ’ল বুলি প্ৰশ্ন কৰে পৰিষদৰ সভাপতিগৰাকীয়ে । এইদৰে যদি বিটিআৰত শান্তি আনিবলৈ বিচাৰিছে তেনেহ’লে বিটিআৰ আকৌ অশান্ত হ’ব ৷ গতিকে প্ৰমোদ বড়োৱে বিটিআৰৰ শান্তিৰ পৰিৱেশ বাহাল ৰাখিবলৈ উচ্ছেদৰ বিষয়টো বিবেচনা কৰা প্ৰয়োজন আছে বুলিও কয় আব্দুল আৱাল মণ্ডলে।

লগতে পঢ়ক: Eviction notice: চিৰাঙত ৰাজহুৱা উচ্ছেদৰ জাননীক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.