ETV Bharat / state

অনিশ্চয়তাত বিজেপি-বিপিএফৰ মিত্ৰতা : ৰঞ্জিত দাস

আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিজেপি-বিপিএফৰ মিত্ৰতাক লৈ নিশ্চিতি প্ৰদান নকৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে চিৰাঙৰ বিজনীত উপস্থিত হৈ সংবাদ মাধ্যমৰ দাসে মন্তব্য কৰিলে যে, চাৰিখন জিলাৰ তিনিখনতে বিজেপিয়ে জয়ী হ'ব ৷

চিৰাঙত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰঞ্জিত দাস
author img

By

Published : Oct 11, 2019, 1:20 PM IST

চিৰাং, 11 অক্টোবৰ : আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিজেপি-বিপিএফৰ মিত্ৰতাক লৈ নিশ্চিতি প্ৰদান নকৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে চিৰাঙৰ বিজনীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য কৰে যে, বিজিপি দলৰ প্ৰাৰ্থী তিনিওটা আসনতে জয়ী হ'বলৈ সক্ষম হ'ব ৷ বিটিচি নিৰ্বাচনৰ বাবে চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, উদালগুৰি, বাক্সা আৰু চিৰাঙে প্ৰৱল প্ৰতিদ্বন্দিতাৰে নামিব বুলি উল্লেখ কৰে দাসে ৷ আগন্তক দিনত বিটিচিত বিজেপি দলক সুদৃঢ় কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে বিজেপিৰ সভাপতিগৰাকীয়ে ৷

চিৰাঙত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰঞ্জিত দাস

বিটিচিৰ কোনো এখন জিলা বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতাৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচন খেলাটো নিবিচাৰে বুলি জনাই ৰঞ্জিত দাসে ৷ বিপিএফ দলে বিটিচিত বিভিন্ন ঠিকা বা অন্যান্য উন্নয়নমূলক কামত মিত্ৰজোঁটৰ বিজেপিৰ দলীয় লোকক বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগো তোলে সভাপতিগৰাকীয়ে ৷ ৰঞ্জিত দাসে লগতে কয় যে, কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ এজনীয়া দলৰ সৈতে বিটিচি পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত কোনো ধৰনৰ মিত্ৰতাৰ প্ৰশ্নই নাহে । মাত্ৰ এজন ব্যক্তিক লৈ গঠিত দলৰ গুৰুত্ব কিমান সেয়া সকলোৱে জানে বুলি মন্তব্য কৰে ৰঞ্জিত দাসে । ভাৰতৰ 18 কোটি আৰু অসমৰ 42 লাখ সদস্যৰ দল এটাই এজন ব্যক্তিৰ দ্বাৰা গঠিত দলৰ সৈতে আলোচনাৰ বা কোনো গোপন বুজাবুজিৰ প্ৰশ্নই নুঠে বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

চিৰাঙৰ বিজনী
চিৰাঙত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত ৰঞ্জিত দাস

অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত ভাপতিজনে দাবী কৰে যে, চাৰিখন জিলাৰ তিনিখনতে নিশ্চিতভাৱে বিজেপি দলৰ প্ৰাৰ্থী জয়ী হ'ব । জনীয়া সমষ্টিত বিজেপি জয়ী হ'লে বিজেপিৰ নহয়, সমষ্টিটোৰে উন্নয়ন হ'ব বুলি মন্তব্য কৰে দাসে ৷ বৰাকভেলীৰ লোকৰ দৰে জনীয়া বাসীয়ে এইকথা অনুধাৱন কৰিবলৈ সক্ষম হ'লে অঞ্চলটোৰ উন্নয়ন হ'ব বুলি মন্তব্য কৰে দাসে ৷

Intro:বিটিচি পৰিষদীয় নিৰ্ব্বাচনত অনিশ্চয়তাত বিজেপি-বিপিএফৰ মিত্ৰতা । উপ নিৰ্ব্বাচনৰ তিনিটা আসন বিজেপিয়ে নিশ্চিত বিজয় হব__ৰঞ্জিত দাস । 

Body:
আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্ব্বাচনত অনিশ্চয়তা বিজেপি-বিপিএফৰ মিত্ৰতা । আজি চিৰাঙৰ বিজনীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জনায় এই কথা । আগন্তক উপ নিৰ্ব্বাচনত নিশ্চিত ভাৱে তিনিটা আসনত জয়ী হব বিজিপি দলৰ প্ৰাৰ্থী এই দাবী বিজেপিৰ ৰাজ্যিক সভাপতিৰ । বিটিচি নিৰ্ব্বাচনৰ বাবে চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ,উদালগুৰি, বাক্সা আৰু চিৰাং জিলাৰ বিজেপিৰ জিলা সভাপতি আৰু কৰ্মকৰ্তা সকলে সিদ্ধান্ত গ্ৰহন কৰিছে যে প্ৰৱল প্ৰতিদন্দিতাৰে  বিজেপি দলে আগন্তক বিটিচি পৰিষদীয় নিৰ্ব্বাচনত অংশগ্ৰহন কৰিব । লগতে সংকল্প লৈছে যে বিজেপি দলে বিটিচিৰ অংশীদাৰিত্ব হব । কাৰ লগত কিদৰে অংশীদাৰিত্ব হব সেই বিষয়ে এই মুহুৰ্ততো আমি কোনো ধৰনৰ সিদ্ধান্ত লোৱা বা কোনো পৰ্য্যালোচনা কৰা নাই । মুঠতে আগন্তক দিনত বিটিচিত বিজেপি দলক সুদৃঢ় কৰাৰ ব্যৱস্থা কৰিছো যাৰ কাৰনে ব্যৱস্থা লৈছো । যাৰ কাৰনে নতুনকৈ বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টীত সাংগঠনিক ভাৱে নতুন কৈ বিশ্লেষন কৰি পেলাই প্ৰতিটো পৰিষদীয় সমষ্টীতে মণ্ডল থাকিব । পুৰ্ব্বতে তেনে নাছিল ব্লক ভিত্তিত হে মণ্ডল আছিল । কিন্ত এতিয়া পৰিষদীয় সমষ্টী ভিত্তিত মণ্ডলৰ ৱ্যৱস্থা কৰা হৈছে বুলি কয় বিজেপিৰ ৰাজ্যিক সভাপতিজনে । প্ৰতিটো মণ্ডলে নিম্নতম পাঁচহেজাৰকৈ নতুন সদস্য অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিছে । এইখিনি সম্পুৰ্ণ হৈ উঠিলে বিটিএডিত আমাৰ বিজেপি দলৰ আঠ লক্ষাধিক সদস্য হৈ যাব । এই সদস্য ভৰ্তিৰে আগন্তক দিনত তৎপৰতাৰে কাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে । বিপিএফ দলৰ সৈতে মিত্ৰতা হব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই । হাগ্ৰামা মহিলাৰীয়ে প্ৰস্থাব দিছে যদিও সেয়া ৰাজ্যিক বিজেপিয়ে পৰ্য্যালোচনা মৰ্মে সিদ্ধান্ত গ্ৰহন কৰিব । পোন প্ৰথমে বিটিচিৰ চাৰি জিলাৰ সভাপতি তথা কৰ্মকৰ্তাৰ সিদ্ধান্তক গুৰুত্ব প্ৰদান কৰা হব বুলিও জনায় ৰাজ্যিক বিজেপিৰ সভাপতিজনে । এইখিনিতে উল্লেখ কৰিব লাগিব যে বিটিচিৰ কোনো এটা জিলা বিজেপিয়ে নিবিচাৰে বিপিএফৰ সৈতে মিত্ৰতাৰে বিটিচিৰ পৰিষদীয় নিৰ্ব্বাচন খেলা । কাৰন বিপিএফ দলে বিটিচিত বিভিন্ন ঠিকা বা অন্যান্য উন্নয়নমুলক কামত মিত্ৰজোটৰ বিজেপিৰ দলীয় লোকক বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আছে । সেয়ে প্ৰতিটো জিলা সমিতিয়ে বিপিএফৰে মিত্ৰতাৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে । 

       ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আৰু কয় যে কোকৰাঝাৰৰ সাংসদ নৱ শৰনীয়াৰ এজনীয়া দলৰ সৈতে বিটিচি পৰিষদীয় নিৰ্ব্বাচন সন্দৰ্ভত কোনো ধৰনৰ মিত্ৰতাৰ প্ৰশ্নই নাহে । কাৰন মাত্ৰ এজন ব্যাক্তিক লৈ গঠিত দলৰ গুৰুত্ব কিমান সেয়া সকলোৱে জানে ।  কাৰন ভাৰতৰ ১৮ কোটী সদস্য আৰু অসমত ৪২ লাঝ সদস্যৰ দল এটাই এজন ব্যাক্তিৰ দ্বাৰা গঠিত দলৰ সৈতে আলোচনাৰ বা কোনো গোপন বুজাবুজিৰ প্ৰশ্নই নুঠে বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে । 

বাইট : ৰঞ্জিত কুমাৰ দাস,সভাপতি অসম ৰাজ্যিক বিজেপি।

Conclusion:অসমৰ  চাৰিটা বিধান সভা সমষ্টীৰ উপ নুৰ্ব্বাচন সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ দাবী যে চাৰিটাৰ তিনিটাত নিশ্চিত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাটো । বাকী জনীয়া বিধান সভা সনষ্টিতো নতুন কৈ আশা কৰা হৈছে । জনীয়া সমষ্টীৰ প্ৰতি আশা কৰাৰ কাৰন হৈছে যে যদি জনীয়াত আমি নাপাও আমাৰ কোনো ক্ষতি নহয় বৰঞ্চ জয়ী হলে জনীয়া বাসী লোকৰহে লাভ হব,সমষ্টীটোৰ উন্নয়ন হব । সেইখিনি যদি জনীয়া বাসীয়ে অনুধাৱন কৰে , যিদৰে বৰাকভেলীৰ লোকে অনুধাৱন কৰিছে, কৰিমগঞ্জৰ লোকে বিজেপি দলক দিছে , শিলচৰ সমষ্টী আমাক দিছে তাত সংখ্যালঘু লোকৰ অৱদান আছে । টিক তেনেদৰে জনীয়া সমষ্টীৰ লোকেও যদি ভাৱে যে অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলক দিয়ে সেয়া আমি আহ্বান ৰাখিছো বিজেপি দলৰ পৰা এই বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।। 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.