ETV Bharat / state

Sushmita challenged CM Himanta: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ - Sushmita Dev give open challenge to Assam CM

আপুনি কংগ্ৰেছ আৰু এআইইউডিএফ দলক কিনিব পাৰিলেও তৃণমূল কংগ্ৰেছক কিনিব নোৱাৰে ৷ তৃণমূল কংগ্ৰেছৰ যোগদান সমাৰোহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ (Sushmita Dev give open challenge to Assam CM) ৷

Trinamool Congress joining ceremony in Chirang
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ
author img

By

Published : Jul 16, 2022, 8:46 AM IST

Updated : Jul 16, 2022, 10:12 AM IST

চিৰাং, 16 জুলাই : "অসমত কোনো বিৰোধী নাই, কংগ্ৰেছে শুই আছে, এ আইইউডিএফৰ কথা মই নকওঁৱেই, বিপিএফৰ স্থিতি মই আজিলৈ বুজি নাপালো ৷ একমাত্ৰ ৰাজ্যখনত বিৰোধী বুলিবলৈ তৃণমূল কংগ্ৰেছেই আছে ৷ এই শাসকীয় চৰকাৰখনে সাধাৰণ জনতাক যিমান অত্যাচাৰ আৰু শোষণ কৰিছে, ইয়াৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে যুঁজিব ৷ বিজেপি মিছা কথা কোৱাৰ ভাণ্ডাৰ ৷ সাংসদ মহুৱা মৈত্ৰই আহোমক টাৰ্গেট কৰা নাই, ৰঞ্জন গগৈকহে টাৰ্গেট কৰিছিল, তেওঁ এই কথাৰ স্পষ্টীকৰণো দিছে ৷ আহোম জাতিৰ বিষয়ে কোনোধৰণৰ বিৰূপ মন্তব্য তৃণমূল কংগ্ৰেছে নকৰে ৷ আমি সকলো জাতি-ধৰ্মক সন্মান কৰো ৷ তৃণমূল কংগ্ৰেছক বদনাম কৰাৰ এইবোৰ বিজেপিৰ 'Dirty tricks'৷" বিজনীত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ যোগদান সমাৰোহত বিজেপিক এইদৰে কটু সমালোচনা সাংসদ সুস্মিতা দেৱৰ ৷

শুকুৰবাৰে চিৰাঙৰ বিজনী ভাওৰাগুৰীত প্ৰায় 2 হাজাৰ লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰে (Joining program at Trinamool congress in Bijni) ৷ এই যোগদান সমাৰোহত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ আৰু অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ

অনুষ্ঠানত উপস্থিত থাকি তৃণমূল কংগ্ৰেছৰ সাংসদ দেৱে প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি কয় লোক সভাত জুমলা শব্দ কিয় কব নোৱাৰাৰ কি ৰহস্য আছে (MP Sushmita Dev slams PM Modi)? মুল জুমলা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । লোক সভা নিৰ্বাচনৰ পুৰ্বে শিলচৰত তেঁও বঙালী সম্প্ৰদায়ৰ লোক সকলক নাগৰিকত্ব দিয়াৰ লগতে ডি ভোটাৰৰ সমস্যা সমাধান আৰু ডিটেনশ্যন কেম্প উঠাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই তেওঁ সম্পূৰ্ণ ওলোটা স্থিতি গ্ৰহণ কৰাহে দেখা গ'ল ৷ উঠাই দিয়াৰ সলনি অধিক ডিটেনশ্যন কেম্প বনোৱাহে পৰিলক্ষিত হ'ল ৷

লগতে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে আপুনি কংগ্ৰেছ আৰু এআইইউডিএফ দলক কিনিব পাৰিলেও তৃণমূলক কংগ্ৰেছক কিনিব নোৱাৰে (Sushmita Deb give open challenge to Assam cm) ৷ গতিকে আগন্তক পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো পঞ্চায়তত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰি দেখুৱাব ৷

যোগদান সমাৰোহত উপস্থিত থাকি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই কয় যে বিটিআৰত বিপিএফ আৰু ইউপিপিএল দুয়ো দলেই বিজেপিক সমৰ্থন কৰাত ৰাইজে এতিয়া বিকল্প বিচাৰিছে ৷ অসমত সকলো ৰাজনৈতিক দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত উঠা বহা কৰে; এনেবোৰ দেখি শুনি অসমৰ ৰাইজে বিকল্প দল হিচাপে এতিয়া তৃণমূল দলকে আকোৱালি লব ৷ অসমত অধঃপতনে গৈছে ৰাজনৈতিক ব্যৱস্থা ৷ বাক স্বাধীনতা কাঢ়ি লৈছে চৰকাৰে । যাকে তাকে গ্ৰেপ্তাৰ কৰি জেলত ভৰোৱাৰ লগতে আৰক্ষীক ব্যৱহাৰ কৰি ভূৱা এনকাউন্টাৰ কৰি মানুহ হত্যা কৰিছে ৷

ইয়াৰোপৰি ৰিপুণ বৰাই বৰ্ষাশ্ৰী সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, কেৱল বৰ্ষাশ্ৰীয়েই নহয় বহু লোকক জেলত থোৱাৰ লগতে দেশৰ সাংসদসকলৰ বাক স্বাধীনতা হৰণ কৰি সদনত কি কব পাৰিব কি নোৱাৰিব সেয়াও এতিয়া চৰকাৰে নিৰ্ধাৰণ কৰে ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা চৰকাৰে কিয় মন্ত্ৰী সঞ্জয় কিষাণক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ? এই কাৰ্যকলাপৰ দ্বাৰাই প্ৰমান হয় দেশৰ গণতন্ত্ৰ ধ্বংসৰ পথত ৷ ইয়াক ৰক্ষা কৰাৰ একমাত্ৰ পথ তৃণমূল কংগ্ৰেছ ৷ যাৰ বাবে আজি চিৰাঙৰ বিজনীত বিজেপিৰ বিধায়ক থকাৰ পিচতো আজি প্ৰায় দুহেজাৰ লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে বুলি কয় ৰিপুন বৰাই ৷

চিৰাং জিলা সমিতিৰ তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বান সেনৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰোহত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক উপ-সভাপতি শ্যামল সৰকাৰ, সম্পাদিকা শিখা শৰ্মা, বিটিআৰ সমন্বয়ক লাইফুং নাৰ্জাৰীৰ লগতে কেবাগৰাকীও কেন্দ্ৰীয় নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: ভূপেন বৰাৰ কথা নকয় জয়ন্ত মল্ল বৰুৱাই

Last Updated : Jul 16, 2022, 10:12 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.