চিৰাং, 20ফেব্ৰুৱাৰী: শুকুৰবাৰে স্থবিৰ হৈ পৰিল জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সকলো কাম-কাজ ৷ এইবাৰ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা বহিল প্ৰতিবাদত ৷ নিযুক্তিৰ শিক্ষাগত অৰ্হতা অনুসৰি উপায়ুক্ত সংস্থাপনাৰ ৩য় বৰ্গৰ কৰ্মচাৰী সকলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰা, উপায়ুক্ত কাৰ্য্যালয় সমূহত অধীক্ষক, মুখ্য সহায়ক আৰু গাণনিক পদৰ সৃষ্টি কৰা, নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা আদি কৰি দহ দফীয়া দাবীত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদত বহিল সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা ৷
বিশ্বনাথ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুক্ৰবাৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ৰূপায়ন কৰে অসহযোগ কাৰ্যসূচী ৷ যদি প্ৰতিবাদকাৰী সকলৰ এই দাবীসমূহ চৰকাৰে নিৰ্বাচন পূৰ্বে পুৰণ নকৰে, তেন্তে আগন্তুক নিৰ্বাচনৰ সকলো কাম বৰ্জন কৰা হ'ব বুলিও ঘোষণা কৰিছে প্ৰতিবাদকাৰী সকলে ৷
ইফালে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশতো চিৰাং জিলা সদৰ কাজলগাঁৱতো সৰ্বাত্মক অসহযোগ আন্দোলন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । যাৰ ফলত জিলা উপায়ুক্ত কাৰ্যালয়ত সকলো কাম-কাজৰ স্তব্ধ হৈ পৰে ৷