ETV Bharat / state

ৰাজ্যজুৰি গোৰ্খা-বঙালী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Assam NRC

অতি শীঘ্ৰে বিনাৰ্চতে এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ দাবী ৷

ৰাজ্যজুৰি গোৰ্খা-বঙালী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Sep 28, 2019, 1:28 PM IST

নিউজ ডেক্স, 28 ছেপ্তেম্বৰ: এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে গোৰ্খা আৰু বঙালী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শনিবাৰ প্ৰতীক হাজেলা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল ডিফু চহৰ ৷ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ উদ্যোগত চহৰখনত ৰূপায়ন কৰা হয় ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰী সকলে চূড়ান্ত এন আৰ চি তালিকাত অন্তৰ্ভূক্ত নোহোৱা গোৰ্খা সকল কোনো কাৰণত বিদেশী ন্যায়াধীকৰণলৈ নাযায় বুলি স্পষ্ট কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত গোৰ্খা সকলক বিনাচৰ্তে অন্তৰ্ভূক্ত কৰিবলৈ এন আৰ চি কতৃপক্ষক দাবী জনাই উপায়ুক্ত মুকুল শইকীয়াৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ ইফালে একেই দাবীৰে গোৱালপাৰাতো যৌথ প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা সন্মিলন আৰু গোৰ্খা মহিলা সমিতিয়ে ৷ সংগঠনকেইটাৰ উদ্যোগত প্ৰায় 5 শতাধিক প্ৰতিবাদকাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰিও জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ ইফালে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় 1 লাখ গোৰ্খা লোকৰ নাম বাদ পৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বহু গোৰ্খা সম্প্ৰদায়ৰ লোকে ৷ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে কয় যে, গোৰ্খা সকলৰ পূৰ্ব পুৰুষ অসমত বাস কৰা, গোৰ্খা সকলৰ ঔপনিবেশিক যুগৰ পৰা অসমৰ মাটি-বায়ুৰ সৈতে সম্পৰ্ক আছে, তেনেস্থলত এন আৰ চিৰ তালিকাৰ পৰা গোৰ্খাসকলৰ নাম কৰ্তনৰ কাৰ্য কোনো কাৰণত গ্ৰহণ যোগ্য হ'ব নোৱাৰে ৷

ৰাজ্যজুৰি গোৰ্খা-বঙালী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ইফালে ৰাজ্যত বঙালী যুৱ-ছাত্ৰ পৰিষদ আৰু বঙালী সুৰক্ষা সমিতিয়েও অব্যাহত ৰাখিছে এন আৰ চিৰ পৰা নাম কৰ্তনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ "হিন্দুস্থানত হিন্দুই যদি বিদেশী স্বদেশী কোন?" শ্লগানেৰে জিলা সদৰ কাজলগাঁও উত্তপ্ত কৰি তোলে সদৌ অসম বঙালী সুৰক্ষা সমিতিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত ইউ পি পি এল দলৰ সাধাৰন সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়েও অংশগ্ৰহন কৰে ৷ আনহাতে, কোকৰাঝাৰতো এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰাৰ প্ৰতিবাদত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে দুঘন্টীয়া অৱস্থান-ধৰ্মঘট কাৰ্যসূচী ৷ লগতে প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে বঙালীসকলক বিদেশী সজোৱা কাৰ্য সহ্য কৰা নহ'ব বুলি প্ৰতিবাদকাৰী সকলে স্পষ্ট কৰে ৷

Intro:NEC ৰ খচৰাত ১ লাখতকৈও অধিক গোৰ্খা নাগৰিকৰ নাম বাদ পৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ গোৰ্খা জনগোষ্ঠী সকলৰ ‌

Body:শুকুৰবাৰে মহানগৰীৰ চচলত এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে জনগোষ্ঠীটোৰ বহু সংখ্যক লোকে । প্ৰতিবাদ কাৰী সকলৰ স্পষ্ট কথা গোৰ্খা সকলৰ পূৰ্ব পুৰুষ অসমত বাস কৰা । গতিকে তেওঁ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বাদ পৰা কাৰ্য কেতিয়াও গ্ৰহণ যোগ্য নহয় । ঔপনিবেশিক যুগৰ পৰায়েই অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক আছে গোৰ্খা সকলৰ । ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলত বিভিন্ন ব্যৱসায় কৰি যুগ যুগ ধৰি বসবাস কৰি আহিছে । এই সকল নাগৰিকক তথাকথিত ডি ভোটাৰ সজায় বিদেশী ন্যায়ধীকৰনত নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিব লগা হৈছে । এয়া জনগোষ্ঠীটোৰ প্ৰতি ঘোৰ অন্যায় । আমি উচ্চতম ন্যায়লয়ক সন্মান কৰোঁ । কিন্তু আমি বিদেশী।ন্যায়ধীকৰনলৈ নাযাওঁ বুলি প্ৰতিবাদস্থলীৰ পৰায়েই হুংকাৰ দিয়ে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.