চিৰাঙ,২৬ জুলাই: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ এটা সঁজাতি দলে মঙলবাৰে চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰে চাৰি দফীয়া দাবী লৈ এক আলোচনাত মিলিত হয় (ABSU delegation talks with Bongaigaon refinery authorities)। বঙাইগাঁও শোধনাগাৰৰ কাৰ্য্যবাহী সঞ্চালক নয়ন বৰুৱাসহ কেইবাজনো বিষয়া উপস্থিত থকা সভাখনত এবছুৰ সভাপতি দ্বিপেন বড়ো, উপ সভাপতি খথৰৌমদাউ ৱেৰী, সাধাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী আৰু চিৰাং জিলা সমিতিৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে ।
বঙাইগাঁও শোধনাগাৰ যিহেতু চিৰাং জিলা অৰ্থাৎ বিটিআৰত অৱস্থিত, সেয়ে শোধনাগাৰৰ নাম সলনিৰে বড়োলেণ্ড শোধনাগাৰ কৰাৰ প্ৰস্তাব দাঙি ধৰে এবছুয়ে(Proposal to rename Bongaigaon refinery) । লগতে থলুৱা নিযুক্তি, শোধনাগাৰত চতুৰ্থ বৰ্গৰ নিযুক্তি বিটিআৰৰ পৰা প্ৰধান্য দিয়া, শোধনাগাৰৰ স্থানীয় উন্নয়ণ পুজিৰ ব্যৱহাৰত থলুৱা ভাৱে গুৰুত্ব প্ৰদানৰ দাবী জনাই সঁজাতি দলটোৱে । লগতে শোধনাগাৰৰ উন্নীতকৰণৰ বাবে শোধনাগাৰৰ উত্তৰে ৩১৫ একৰ ভূমি লৈ যি বৰ্ধিতকৰণৰ প্ৰচেষ্টা লৈছে তাত যাতে স্থানীয় লোকৰ কোনো ক্ষতি নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ দাবী জনায় এবছু নেতৃত্বই ।
একেদৰে কোকৰাঝাৰ জিলাৰ ছালেকাটীস্থিত বঙাইগাঁও তাপবিদ্যুত প্ৰকল্পৰ নামো সলনিৰ প্ৰস্থাৱ লোৱাৰ কথাও সদৰি কৰে এবছুৰ সভাপতি দ্বিপেন বড়োয়ে । সময়ে সময়ে বঙাইগাঁও শোধনাগাৰত বহিঃ ৰাজ্যৰ শ্ৰমিক নিযুক্তিৰে কাম চলোৱা বিষয়টোক লৈ শ্ৰমিক সংগঠনসমূহে আন্দোলন কৰা পৰিলক্ষিত হৈ আহিছে । তাৰ মাজতে মঙলবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলে গুৰুত্বপূৰ্ণ বিষয়সমূহ সামৰি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰে আলোচনাত মিলিত হোৱাৰ লগতে বিষয়টো ভাৰতীয় তেল নিগমৰ শীৰ্ষ বিষয়াক বিটিআৰ প্ৰশাসনকে ধৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ জড়িয়তে হস্থক্ষেপ কৰোৱাৰ বাবে কৰা দাবীৰ বিষয়ে জনায় এবছুৰ সভাপতি দ্বিপেন বড়োয়ে ।
লগতে পঢ়ক: Police seized assets of cow mafia: ধুবুৰীৰ গো মাফিয়াৰ কোটি টকীয়া সম্পত্তি জব্দ