বিজনী, 4 এপ্ৰিল: দেওবাৰে চিৰাং জিলাৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্বাচনী বিষয়ক লৈ এক সংবাদমেল আয়োজন কৰে । জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা সভাপতি সৌৰভ জ্যোতি ৰায়ে সংবাদমেলত অসমীয়া মুৰ্দাবাদ ধ্বনি দিয়া বিজনী সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ক ভোটদান নকৰিবলৈ আহ্বাব জনায় । সংবাদমেলত বিজেপি, বিপিএফ আৰু ইউপিপিএল দল মাজত কোনে পাৰ্থক্য নাই বুলি মন্তব্য কৰে সৌৰভ জ্যোতি ৰায়ে ।
গতিকে এই দলসমূহক ভোটদান নকৰি অসমত কা’ বিৰোধি তথা খিলঞ্জীয়া অসমীয়াক সুৰক্ষা দিয়াৰ চৰকাৰ প্ৰতিষ্ঠাৰ বাবে বিবেক ভোটদানৰ বাবে আহ্বান জনায় । উল্লেখ্য যে, আওপকীয়াকৈ বিজনী আছুয়ে বিজনীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসক ভোটদানৰ আহ্বান জনায় ।