ETV Bharat / state

বিজনীত গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী - বিজনীত ড্ৰাগছ জব্দ

মুখ্যমন্ত্ৰীৰ ড্ৰাগছ বিৰোধী অভিযানেও ক্ষান্ত কৰা নাই এচামক, সমানেই চলাই নিছে ৰাজ্যত অনৈতিক কাৰ্যকলাপ ৷ বিজনীত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী ৷

বিজনীত গ্ৰেপ্তাৰ দুটা ড্ৰাগছ ব্যৱসায়ী
অসমৰ চুকে-কোণে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আৰক্ষীৰ
author img

By

Published : Nov 13, 2021, 8:45 AM IST

Updated : Nov 13, 2021, 10:05 AM IST

চিৰাং, 13 নৱেম্বৰ : চিৰাঙৰ বিজনীত আৰক্ষীয়ে (Bijni Police) চলোৱা এক অভিযানত দুজন লোকক ড্ৰাগছ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ বিজনীত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলাইছিল ড্ৰাগছ বিৰোধী এই অভিযান ৷ লোক দুজনৰ পৰা আৰক্ষীয়ে 14 গ্ৰাম হেৰ’ইন (Drugs), AS19P-0206 নম্বৰৰ এখন হিৰোহোণ্ডা মটৰচাইকেল, তিনিটাকৈ মোবাইল ফোন আৰু নগদ 3,65,000.00 টকা জব্দ কৰে ৷

police-arrested-two-persons-at-chirang
দুজন লোকক ড্ৰাগছ সহ কৰায়ত্ব

চিৰাং জিলা সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে জনায় যে গোপন তথ্যৰ ভিত্তিত বিজনী থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে অভিযান চলাইছিল ৷ সেই অভিযান মৰ্মেই ১নং নাচনগুৰি(গৰাইমাৰী)ৰ জহিৰুল আলী আৰু সোধ-পোচ কৰি গৰাইমাৰীৰ আব্দুল মান্নান নামৰ আন এজন লোকক আটৰ কৰে আৰক্ষীয়ে ৷

police-arrested-two-persons-at-chirang
দুজন লোকক ড্ৰাগছ সহ কৰায়ত্ব

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিৰোধী অভিযানক লৈ তৎপৰতা দেখুওৱাৰ পিছতেই সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী সকল ৷ প্ৰতিদিনে উৎখাত হৈ আছে ড্ৰাগছ সৰৱৰাহকাৰী চক্ৰ ৷ কিন্তু তথাপিও ৰাজ্যৰ পৰা নিপাত যোৱা নাই ড্ৰাগছ ক’লা সাম্ৰাজ্য ৷ আৰক্ষীৰ এই তৎপৰাতৰ মাজতে একাঁসৰ দাবী কেৱল সৰু-সৰু ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰাতে ক্ষান্ত নাথকি অসম আৰক্ষীয়ে এই ক’লা সাম্ৰাজ্যৰ ৰৌ-বৰালীক আটক কৰাতহে গুৰুত্ব দিয়া উচিত ৷

police arrested two persons at chirang
বিজনীত গ্ৰেপ্তাৰ দুটা ড্ৰাগছ ব্যৱসায়ী

লগতে চাওক : Nil-Abhi Murder : চূড়ান্ত ৰায়ৰ দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

Last Updated : Nov 13, 2021, 10:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.