চিৰাং, 24 জুলাই : চিৰাং বন সংমণ্ডলৰ কুকলুং বনাঞ্চলৰ অধীনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গোপন সূত্ৰে এক অভিযান চলাই এজন চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয় এচ এচ বিৰ দলে। আটক চিকাৰী জন বিজনী দংশীয়াপাৰাৰ বিলিফাং বসুমতাৰী (২২) ৷
![Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangpoacherarrestwitharms-photo-10012_24072020112350_2407f_1595570030_1048.jpg)
লগতে পঢ়কঃ আজি ৰায়দানৰ সম্ভাৱনা পাইলট বাহিনীৰ আবেদনৰ
বিলিফাং বসুমতাৰীৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক সহ ৫ জাঁই সজীৱ গুলী আৰু ৫০ গ্ৰাম বিস্ফোৰক জব্দ কৰে এচ এচ বি ৰ ১৫ নং বেটেলিয়ানৰ দংশীয়াপাৰা সীমান্ত চকীৰ দলে । ১৭ জুলাইত এই অভিযান চলাইছিল এচ এচ বিৰ দলটোৱে। ইতিমধ্যে বন বিভাগে জেল হাজোতলৈ প্ৰেৰণ কৰিছে বিলিফাং বসুমতাৰীক।
![Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangpoacherarrestwitharms-photo-10012_24072020112350_2407f_1595570030_262.jpg)