ETV Bharat / state

কোকৰাঝাৰত প্ৰাক্তন ছাত্ৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে সুস্থ পৰিৱেশ - Plantation By Students At JNV, Kokrajhar

প্ৰাক্তন ছাত্ৰ সন্মিলনৰ প্ৰচেষ্টাত কোকৰাঝাৰ জৱাহৰ নবোদয় বিদ্যালয়খনত গঢ়ি উঠিছে এক সুন্দৰ পৰিৱেশ ৷ ইতিমধ্যে বিদ্যলয়খনত লহপহকৈ বাঢ়ি আহিছে বিভিন্ন ফল-মূলকে ধৰি বিভিন্ন ঔষধিজাতীয় বৃক্ষ ৷

কোকৰাঝাৰত প্ৰাক্তন ছাত্ৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে সুস্থ পৰিৱেশ

author img

By

Published : Jul 12, 2020, 10:18 PM IST

চিৰাং, 12 জুলাইঃ চিৰাং জিলাৰ বাসুগাঁও ৰঞ্চাইধামস্থিত কোকৰাঝাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত শিক্ষককে ধৰি বিদ্যালয়খনৰ ছাত্ৰসকলে বিভিন্ন ফল- ফুলৰ গছপুলি ৰোপন কৰে । ইতিমধ্যে বিদ্যালয়খনত গঢ় লৈ উঠিছে এক সুন্দৰ পৰিৱেশ ৷

কোকৰাঝাৰত প্ৰাক্তন ছাত্ৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে সুস্থ পৰিৱেশ

কোকৰাঝাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে ঐক্যবদ্ধ হৈ ২০১৬ চনত গঠন কৰে প্ৰাক্তন ছাত্ৰ সন্মিলন । উক্ত সংগঠনটোৰ সদস্যসকলে প্ৰতিবছৰে বৃক্ষৰোপণৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী ৰঞ্চাইধামত অৱস্থিত কোকৰাঝাৰ নবোদয় বিদ্যালয় চৌহদত ইতিমধ্যে নাহৰ, বকুল, দেবদাৰু, জাম, শিলিখা ইত্যাদি সৌন্দৰ্য বৰ্ধন, ঔষধি গছৰ পুলি ৰোপণ কৰিছে ।

ঠিক একেদৰে দেওবাৰেও তেনে এক কাৰ্যসূচী গ্ৰহণ কৰে উক্ত ছাত্ৰ সংগঠনটোৰ সদস্য সকলে ৷ প্ৰথমে গছপুলি ৰোপণ কৰে বিদ্যালয় খনৰ অধ্যক্ষ এইচ. কে. মিনাই । তেওঁ প্ৰথমডাল গছপুলি ৰোপণ কৰি গছপুলি ৰোপণ, সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত মন্তব্য ৰাখে । বিদ্যালয়খনৰে সংগীত শিক্ষক ফুংখা মহিলাৰী আতধৰা অনুষ্ঠানটিত প্ৰাক্তন ছাত্ৰ সম্মিলনৰ সভাপতি ডাক্তৰ ৰাজীৱ বসুমতাৰী, সম্পাদক জ্যোতিপ্ৰসাদ ৰায়, কোষাধ্যক্ষ দৈথুন চন্দ্ৰ বসুমতাৰী, সদস্য ডাক্তৰ দেবাৰ শৰ্মা, শেখৰ হাজোৱাৰী, দম্বৰুধৰ ৰায়, হীৰক জ্যোতি প্ৰধানীকে ধৰি প্ৰাক্তন ছাত্ৰ সকলে প্ৰায় দুই শতাধিক গছপুলি ৰোপণ কৰে ।

উল্লেখযোগ্য যে, ২০১৬ চনৰ পৰাই বছৰে বছৰে ৰোপন কৰি অহা গছপুলি সমূহ লহপহকৈ বাঢ়ি সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে ফুল-ফলৰে সুস্থ পৰিৱেশে বিৰাজ কৰিছে । বিদ্যালয়খনৰ পঁচিশ বছৰ উপলক্ষে এইবাৰ ৰূপালী জয়ন্তী উৎসৱটি জাক-জমকতাৰে উদযাপন কৰিব নোৱাৰিব বুলি উল্লেখ কৰে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক- হিন্দু-মুছলমানৰ মিলনভূমিত পৰিণত হ'ল বহলপুৰৰ শ্মশান ঘাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.