ETV Bharat / state

পেট্ৰ’লৰ গোন্ধত ভীতিগ্ৰস্ত বাসুগাঁওবাসী - Oil India Chirang

চিৰাঙৰ বাসুগাঁৱত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ । শনিবাৰে নিশাৰ ভাগৰ পৰা অঞ্চলটোত পেট্ৰ’লৰ গোন্ধ বিয়পি পৰাত এই পৰিৱেশৰ সৃষ্টি হৈছে ৷ পেট্ৰ’লৰ গোন্ধৰ উৎস বিচাৰি পোৱা নাই স্থানীয় ৰাইজৰ লগতে প্ৰশাসনে ৷ ফলত যিকোনো সময়তে অঞ্চলটোত ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷

Petrol smell coming out near Basugaon Chirang
উৎকট পেট্ৰ’লৰ গোন্ধত ভীতিগ্ৰস্ত বাসুগাঁৱবাসী
author img

By

Published : Jul 12, 2020, 1:47 PM IST

Updated : Jul 12, 2020, 3:37 PM IST

চিৰাং,12 জুলাই: শনিবাৰে মাজনিশাৰ পৰা আতংকত ক্ষণ পাৰ কৰিছে চিৰাঙৰ বাসুগাঁৱবাসীয়ে ৷ অঞ্চলটোত হঠাতে উদ্ভৱ হোৱা পেট্ৰ’লজাতীয় তেলৰ গোন্ধ চৌদিশে বিয়পি পৰাত সৃষ্টি হৈছে এই আতংকৰ ৷ ইতিমধ্য়ে অঞ্চলবাসীয়ে বাসুগাঁৱৰ মাজেৰে যোৱা অইল ইণ্ডিয়াৰ তেলৰ পাইপ ফাটি এই তেল নিৰ্গত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমান পৰ্যন্ত প্ৰকৃত সত্য় উদঘাটন কৰিবলৈ সমৰ্থ হোৱা নাই ৷ ইফালে আতংকিত জনতাই দিয়া খবৰৰ ভিত্তিত স্থানীয় অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে যদিও এইপৰ্যন্ত কোনো তথ্য লাভ কৰিব পৰা নাই ৷

উৎকট পেট্ৰ’লৰ গোন্ধত ভীতিগ্ৰস্ত বাসুগাঁৱবাসী

উল্লেখ্য যে, বাসুগাঁৱৰ মাজেৰে চম্পাৱতী নদী বৈ গৈ ব্ৰহ্মপুত্ৰত মিলিত হৈছে ৷ যদিহে ৰাইজৰ সন্দেহ সঁচা বুলি প্ৰমাণিত হয় তেন্তে যিকোনো মুহুৰ্তত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ ইফালে, চিৰাং-কোকৰাঝাৰ জিলা দুখনৰ সীমান্তৰে বৈ যোৱা চম্পাৱতী নৈতো এই গোন্ধ বিয়পি পৰাৰ কথা ৰাইজে ইতিমধ্যে প্ৰকাশ কৰিছে ৷ তদুপৰি উক্ত নৈৰ বুকুৱেদি নুমলীগড়ৰ পৰা শিলিগুৰি হৈ হলডিয়ালৈকে অইল ইণ্ডিয়াৰ পাইপ লাইন পাৰ হৈ গৈছে ।

বিচাৰি পোৱা নাই পেট্ৰ’ল নিৰ্গত হোৱা উৎস

আতংকিত জনসাধাৰণে দুয়োখন জিলাৰ প্ৰশাসনক বিষয়টো অৱগত কৰাত প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল আহি ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ ইপিনে বিগত কেইবাদিনৰ পৰা জিলাখনত হৈ থকা অতিপাত বৰষুণৰ ফলত নৈৰ পানী ফেন-ফোটোকাৰে বঢ়াত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই প্ৰশাসনে ৷ সেয়ে অঞ্চলটোত যিকোনো সময়তে ভয়ংকৰ বিপদ ঘটাৰ আশংকা নুই কৰিব নোৱাৰি ৷

লগতে চাওকঃ কপিলীৰ বানত জলমগ্ন হোজাইৰ বিস্তীৰ্ণ অঞ্চল

Last Updated : Jul 12, 2020, 3:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.