ETV Bharat / state

চিৰাঙত খাদ্যৰ অভাৱত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন

চিৰাঙৰ চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে কেইবাজনো লোকে ৷ খাদ্যৰ অভাৱত লোক কেইজনে পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Jun 3, 2020, 8:18 PM IST

people escape from quarantine centre due to food shortage in chirang

চিৰাং, 3 জুনঃ খাদ্যৰ অভাৱত চিৰাঙৰ চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে কেইবাজনো লোকে ৷ এই ঘটনাক কেন্দ্ৰ কৰি এলেকাটোত সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷ কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ পৰা কিমান সংখ্যক লোকে পলায়ন কৰিছে সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই ৷ ইতিমধ্যে চিদলী আৰক্ষী চকীৰ লোকে অভিযান চলাই পলায়ন কৰা 4 জন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে যদিও,বহিঃৰাজ্যৰ পৰা আহি উক্ত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা আন 8 জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে ৷

খাদ্যৰ অভাৱত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কেইবাজনো লোকৰ

বুধবাৰে ৰে'লেৰে বহিঃৰাজ্যৰ পৰা ১১০ জন লোক আহি উপস্থিত হৈছে এই কোৱাৰেণ্টাইন কেন্দ্ৰত ৷ কোৱাৰেণ্টাইন কেন্দ্ৰটোত ৰাখি তেওঁলোকৰ নমুনা সংগ্ৰহৰ চেষ্টা কৰিছিল ৷ কিন্তু ৰাতিপুৱাই আহি উপস্থিত হোৱা লোকসকলক বিয়লিলৈ খাদ্য যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে এই কেন্দ্ৰৰ পৰা পলায়ন কৰে কেইবাজনো লোকে ৷

লগতে পঢ়কঃ নলবাৰী জিলা ছাত্ৰ সন্থাই সম্বৰ্ধনা জনালে কৰ'ণা যোদ্ধাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.