চিৰাং, 24 নৱেম্বৰ : পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে "বিশ্ব স্মৃতি দিৱস" উপলক্ষে ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী হাতত লৈ চিৰাং জিলাতো মটৰ চাইকেল সমদলত ভাগ লয় ৷ শুকুৰবাৰে পুৱাৰ ভাগত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাখনৰ ঢালি গাঁওস্থিত বঙাইগাওঁ শোধনাগাৰৰ মানাহ অতিথিশালাত চিৰাং জিলা পথ সুৰক্ষা সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰে ৷
মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণক পথ দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ পথ সুৰক্ষাৰ নিয়মসমূহ বাৰে বাৰে কৈ থাকিব লাগিব ৷ হেলমেট নিপিন্ধাকৈ যেন কোনোৱে দুচকীয়া বাহন নচলায়, চাৰিচকীয়া গাড়ী চলাওতে যেন ছিটবেল্ট মাৰি লয়, সুৰাপান কৰি যাতে কোনোৱে গাড়ী নচলায় আৰু কোনোৱে যাতে গতিবেগৰ উচ্চ সীমা পাৰ কৰি গাড়ী নচলায় সেয়া জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে বাৰে বাৰে জনসাধাৰণক ক'ব লাগিব ৷ তদুপৰি লোক নিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম বা ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰয়োজন সাপেক্ষে ফলক লগোৱা বা গতিৰোধক দিয়া আদি কাম সময়ে সময়ে কৰি থাকিব লাগিব বুলিও সভাত তেওঁ ব্যক্ত কৰে ৷
মন্ত্ৰীগৰাকীয়ে কয় যে আমি মানৱ সম্পদ হেৰুৱাব নোখোজো ৷ মানৱ সম্পদ সুৰক্ষিত থাকিলে দেশৰ উন্নয়ন হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ৷ সুৰাপান কৰি গাড়ী চলোৱাটো ৰোধ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আবকাৰী বিষয়াক ব্যৱস্থা ল'বলৈ কয় ৷ তদুপৰি পথ দুৰ্ঘটনাত আহত লোকক হাস্পতালত চিকিৎসা কৰিবলৈ আনিলে চিকিৎসাৰ লগতে কাউন্সেলিং কৰিবলৈও মন্ত্ৰীগৰাকীয়ে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক পৰামৰ্শ দিয়ে ৷
এই সভাত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ ৰশ্মিৰেখা শৰ্মা, জিলা পৰিবহন বিষয়া দীপক পাটোৱাৰীসহ কেইবাটাও বিভাগৰ বিষয়াই অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঢালিগাঁৱৰ পৰা বিজনী চহৰলৈ এক মটৰ চাইকেল সমদলত অংশ লয় ৷ এই সমদলত গোল্ডেল লেংগুৰ মটৰ চাইকেল ৰাইডাৰ্ছৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : গুৱাহাটীৰ লাচিতঘাটত উদযাপন ৪০১ সংখ্যক লাচিত দিৱস