চিৰাং, 19 চেপ্তেম্বৰ: চিৰাং আৰক্ষীৰ অভিযানত জব্দ হ'ল চোৰাং কাঠ ভৰ্তি এখন যাত্ৰীবাহী বাহন ৷ চোৰাং কাঠৰ ঘাটি হিচাপে পৰিচিত পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা আৰক্ষীয়ে বাহন খন জব্দ কৰে ৷ বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ থকাৰ সময়তে ৰাজ্যপালৰ কঠোৰ নিৰ্দেশনাৰ ভিত্তিত চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষী তৎপৰ হৈ পৰাৰ পাছতো আৰক্ষীৰ চকুত ধূলি দি নতুন নতুন পদ্ধতিৰে কাঠৰ চোৰাং ব্যৱসায় চলি অহাৰ কথা পোহৰলৈ আহিছিল ৷ শুকুৰবাৰৰ আৰক্ষীৰ অভিযান যেন তাৰেই চাক্ষুষ প্ৰমাণ ৷
![জব্দ হোৱা কাঠ ভৰ্তি টাটা উইঙগাৰ বাহন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8857025_image_chirang.jpg)
চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনোৱা মতে শুকুৰবাৰে নিশা গোপন তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীয়ে অভিযান চলাই জিলা সদৰ কাজল গাঁৱৰ নিকটৱৰ্তী পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি পঞ্জীয়ন নম্বৰ বিহীন বগা ৰঙৰ যাত্ৰীবাহী টাটা উইংগাৰ বাহন খন জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে বাহন খন জব্দ কৰাত আৰক্ষী সক্ষম হ'লেও নিশাৰ আন্ধাৰৰ সুযোগ লৈ বাহন খনৰ চালক জন পলাই যায় ৷ বৰ্তমান গাড়ীখন ঢালিগাঁও থানাত ৰখা হৈছে যদিও পৰৱৰ্তী সময়ত বন বিভাগক গটাই দিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ