চিৰাং,১ জুন: বৰ্তমানৰ ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে অক্সিজেনৰ নাটনি । সেয়ে ক'ভিড ৰোগীৰ চিকিৎসাত সহায়ক হোৱাকৈ চিৰাঙত স্থাপন কৰা হৈছে অক্সিজেন উৎপাদন প্ৰকল্প (Oxygen production plant) । কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত(JSB CIVIL HOSPITAL) স্থাপন কৰা হৈছে বৃটেইনৰ পৰা অনা ভ্ৰাম্যমাণ অক্সিজেন উৎপাদন প্ৰকল্প । বৃহস্পতিবাৰৰ পৰা প্ৰকল্পটো কাৰ্যক্ষম হ'ব ।

আনহাতে, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সৈতে জে এছ বি অসামৰিক চিকিৎসালয়লৈ গৈ অক্সিজেন প্ৰকল্প আৰু আই চি ইউ(ICU) কক্ষৰ কামৰ বুজ লৈছে । বৰ্তমান জিলাখনৰ চিকিৎসালয়ত এটাও আই চি ইউ কক্ষ নাই আৰু এতিয়া ৩০টা আই চি ইউ কক্ষ কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।
