চিৰাং, 22 আগষ্টঃ চিৰাঙৰ বিজনীত উদ্ধাৰ হয় এটা অৰ্ধগলিত মৃতদেহ । উক্ত মৃতদেহটো বিজনীৰ ফটোগ্ৰাফাৰ পঙ্কজ দাসৰ বুলি চিনাক্ত কৰা হৈছে ।
উল্লেখ্য যে, বিজনীৰ পংকজ দাস নামৰ লোকজন আগষ্ট মাহৰ ১৯ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল । ইফালে পৰিয়ালে নিৰুদ্দেশ হোৱা পংকজৰ কোনো খবৰ নোপোৱাত ২১ তাৰিখে মাতৃয়ে বিজনী আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । ইফালে তিনিদিনৰ পৰা নিৰুদ্দেশ হোৱা পংকজ দাসৰ মৃতদেহটো শনিবাৰে চিৰাং জিলাৰ বিজনী ৰে'ল ষ্টেচনৰ কাষতে থকা কালভাৰ্টৰ তলৰ পৰা অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আনহাতে, ফটোগ্ৰাফাৰ হিচাপে কাম কৰা পংকজ দাসে যোৱা ২ বছৰ ধৰি ড্ৰাগছ সেৱন কৰিছিল বুলি জানিবলৈ পোৱা গৈছে । ইফালে অতিৰিক্ত ড্ৰাগছ সেৱনৰ ফলতেই দূৰ্ঘটনা সংঘটিত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাৱঁলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক-মাতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ