ETV Bharat / state

কেৰালাত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ শ্ৰমিক - চিৰাং আৰক্ষী

পুনৰ বহিঃৰাজ্য়ত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ শ্ৰমিক ৷ পৰিয়ালৰ লোকৰ সন্দেহ লগত যোৱা সতীৰ্থ শ্ৰমিকেই হত্যা কৰিছে লোকজনক ৷ ঢালিগাঁও আৰক্ষীৰ বিৰুদ্ধেও বিষয়টো সন্দৰ্ভত গাফিলতিৰ অভিযোগ উত্থাপন পৰিয়ালৰ লোকৰ ৷

বহিঃৰাজ্যত সন্ধানহীন অসমীয়া
author img

By

Published : Jul 21, 2019, 12:05 PM IST

চিৰাং, 21 জুলাইঃ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ সন্ধানহীন হৈছে অসমৰ শ্ৰমিক ৷ বিগত এমাহ ধৰি সন্ধানহীন হৈ আছে চিৰাং জিলাৰ মংলাগাঁৱৰ শান্তিৰঞ্জন বেপাৰী ওৰফে কৃষ্ণ নামৰ লোকজন ৷

বিগত 30 জুন তাৰিখে মংলাগাঁ আৰু কাজলগাঁৱৰ মুঠ 12গৰাকী শ্ৰমিকসহ কেৰালালৈ বুলি ওলাই গৈছিল কৃষ্ণ ৷ 3 জুলাইত পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল আৰু লগত যোৱা সতীৰ্থ শ্ৰমিকসকলে কৃষ্ণক হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি জনাইছিল পৰিয়ালক ৷ পৰৱৰ্তী সময়ত কৃষ্ণ নিৰুদ্দেশ হোৱাৰ লগতে কৃষ্ণৰ লগত কাম কৰিব যোৱা 11গৰাকী শ্ৰমিকেই আঘাতপ্ৰাপ্ত অৱস্থাত ঘৰলৈ উভতি আহিছে যদিও কৃষ্ণৰ কোনো সন্ধান নোলোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ লোকৰ মাজত ৷ আনহাতে পৰিয়ালৰ লোকে আনকেইগৰাকী শ্ৰমিকৰ সৈতে যোগাযোগ কৰি কৃষ্ণৰ বিষয়ে সোধ-পোছ কৰাত নিল্লুৰ ৰেল ষ্টেচনৰ পৰাই কৃষ্ণ নিৰুদ্দেশ হোৱা বুলি জনাইছে ৷

বহিঃৰাজ্যত সন্ধানহীন অসমীয়া

এনে অৱস্থাত কৃষ্ণৰ দৰিদ্ৰ পৰিয়ালটোৱে বিগত 5 জুলাইতে ঢালিগাঁও থানাৰ অন্তৰ্গত ডাংতল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

Intro:বহি:ৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দিষ্ট চিৰাঙৰ শ্ৰমিক । কোনো সুং সুত্ৰ নাই প্ৰায় এমাহে । পৰিয়ালৰ এজাহাৰ থানাত আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ।।
Body:পুনৰ পোহৰলৈ বহি: ৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ অসমৰ যুৱক । এই বাৰ চিৰাং জিলাৰ মংলাগাঁওৰ দৰিদ্ৰ শ্ৰমিক কেৰেলালৈ কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ । মংলাগাঁওৰ দৰিদ্ৰ শ্ৰমিক শান্তি ৰঞ্জন বেপাৰী(কৃষ্ণ) সহ একেখন গাঁওৰ ৰাজকুমাৰ ৰায়(ভীম)এ মংলাগাঁও আৰু দক্ষিন কাজলগাঁওৰ মুঠ ১২ জন শ্ৰমিকক লৈ কেৰেলালৈ কামৰ বাবে লৈ গৈছিল যোৱা ৩০ জুন তাৰিখে । তাৰ পিচতে ৩ জুলাই চেন্নাই ৰেল ষ্টেচনৰ পৰা শেষ বাৰৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল কৃষ্ণৰ তাৰ পিচৰ পৰাই নিৰুদ্দেশ হয় । শেষ বাৰৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ কৰাত পৰিয়ালক জনাইছিল যে যি সকল সতিৰ্থৰ সেতে কেৰেলালৈ গৈ আছিল তেওঁলোকেই তাক হত্যাৰ পৰিকল্পনা কৰাৰ কথা । ৩ জুলাইৰ পৰা পৰিয়ালৰ সৈতে কোনো ধৰনৰ যোগাযোগ নাই,মোবাইল ফোনটোৱো বন্ধ । পৰিয়ালৰ লোকে যোৱা ৫ জুলাই ঢালিগাঁও থানাৰ অন্তৰ্গত ডাংতল আৰক্ষী চকীত এজাহাৰ দিছিল নিৰুদ্দিষ্ট কৃষ্ণৰ পত্নি শান্তিৰঞ্জন বেপাৰীয়ে । নিৰুদ্দিষ্ট কৃষ্ণৰ পত্নি অঞ্জলি বেপাৰি,তিনিটাকৈ সন্তান ক্ৰমে ৰূপালি বেপাৰী,বিষ্ণু বেপাৰী আৰু শান্তি বেপাৰী লগতে পিতৃ-মাতৃ, ভাই-ভাইবোৱাৰি আছে । দৰিদ্ৰ পৰিয়ালটিৰ মুল ব্যাক্তিজন নিৰুদ্দেশ হোৱাত পৰিয়ালটোৰ নাজল-নাথল অৱস্থা ।

ইপিনে কেৰেলালৈ লৈ যোৱা মুল ব্যাক্তিজন ৰাজকুমাৰ ৰায়(ভীম) লগতে অন্যান্য আটাই কেইজন লোক ঘৰলৈ ওভতি আহে যদিও মাথো কৃষ্ণৰ কোনো সুং-সুত্ৰ নাই । এজাহাৰ দিয়াৰ পিচতো আৰক্ষীয়ে কোনো ধৰনৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ পৰিয়ালৰ । পৰিয়ালৰ লোকে আৰু জনায় যে যি সকল লোকে কৃষ্ণৰ সৈতে কেৰেলালৈ গৈছিল তাৰে ১১ জন ঘুৰি আহিছে যদিও কৃষ্ণৰ কথা সুধিলে মিছা মতা পৰিলক্ষিত হৈছে । ঘুৰি অহা সকলৰ ভিতৰত মংলাগাঁওৰ লক্ষ্মন সৰকাৰ ভৰি ভাঙী অসুস্থ অৱস্থাত আহিছে,প্ৰদিপ গোৱালা তেওঁয়ো আহত অৱস্থাত ঘৰলৈ ওভতিছে , দক্ষিন কাজলগাঁওৰ দাবে মুচাহাৰীয়ো আহত অৱস্থাত ঘৰলৈ ওভতি আহিছে । আটাই কেইজনে জনাইছে যে নিল্লুৰ ৰেল ষ্টেচনৰ পৰাই নিৰুদ্দেশ হৈছে কৃষ্ণ । কিন্ত কত বা কিয় গল সেই তথ্য কোনেও নিদিয়ে । এজন শ্ৰমিকক বহি:ৰাজ্যলৈ কাম কৰিবলৈ লৈ যোৱাৰ পিচত তেওঁক কৰ্মস্থলিলৈ লৈ নোযোৱাকৈ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকক জনোৱাটো ৰহস্য জনক বুলি দাবী কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে আৰক্ষীক এই ক্ষেত্ৰত গুৰুত্বপ্ৰদানৰ দাবী জনায় ।

বাইট বং ২ পত্নি,বাইট নং ৩ ভাতৃ,বাইট নং ৪ কেৰেলালৈ লোৱা মুল মানুহজন ৰাজকুমাৰৰ । Conclusion:পৰিয়ালৰ অভিযোগ যে দৰিদ্ৰ শ্ৰমিক হোৱা বাবেই আৰক্ষীয়ে কোনো ধৰনৰ গুৰুত্ব প্ৰদান কৰা নাই ।গতিকে শীৰ্ষ আৰক্ষী বিষয়া সকলৰ হস্থক্ষেপৰ দাবী কৰাৰ লগতে দল-সংগঠনৰো হস্থক্ষেপৰ আহ্বান জনায় ।

কাজলগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.