চিৰাং, 29 জানুৱাৰীঃ BTR চুক্তিক লৈ শংকিত অবড়ো জনতা ৷ বিভিন্ন সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷ শনিবাৰে সন্ধিয়া বঙাইগাঁৱত অবড়ো ঐক্যমঞ্চৰ সংবাদমেল ৷ পৃথকে পৃথকে আক্ৰাছুৰ দুই গোট আৰু এবিএমএচইউৰ দুই গোটে আয়োজন কৰে সংবাদ মেল ।
এটা জনগোষ্ঠীক সন্তোষ্ট কৰিবলৈ আন আন জাতি-জনগোষ্ঠীৰ কথা এবাৰো নাভাবিলে চৰকাৰে ৷ মাত্ৰ ২৭ শতাংশ বড়ো লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৭৩ শতাংশ অবড়ো লোকৰ অধিকাৰ ৰক্ষাৰ কোনো ব্যৱস্থা নকৰি একপক্ষীয়ভাৱে তিনিবাৰকৈ বড়ো চুক্তি সম্পাদনৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অবড়ো ঐক্যমঞ্চই ৷
এই চুক্তি কেতিয়াও মানি লোৱা নহ'ব বুলি ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুৰ দুয়োটা দলৰ নেতাই ৷ লগতে এবি এম এচ ইউ, কলিতা ছাত্ৰ সন্থা, অবড়ো সুৰক্ষা সমিতি, নাথযোগী ছাত্ৰ সন্থাৰ নেতা সকলেও এন ডি এফ বিৰ লগত হোৱা শান্তি চুক্তিৰ নামত বি টি আৰ গঠন কৰা কাৰ্যক মানি ল'ব নোৱাৰে বুলি মন্তব্য কৰে ৷
আনহাতে, বঙাইগাঁও চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত সন্ধিয়া আক্ৰাছু(হি),আদীবাসী ছাত্ৰ সন্থা,এবিএমএচইউ(এ), নাথযোগি ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থা,অবড়ো সুৰক্ষা সমিতি আদি কেবাটাও সংগঠনে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত BTR চুক্তিৰ বিৰোধিতা কৰে সংগঠন কেইটাৰ সদস্যসকলে ।
তাৰোপৰি অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন আৰু সৰস্বতী পূজাৰ বাবে অনিৰ্দিষ্টকালীন বন্ধ প্ৰত্যাহাৰ কৰে সংগঠনকেইটাই । পৰৱৰ্তী সময়ত BTR অধীনৰ সকলো অবড়ো দল সংগঠনে যৌথভাৱে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংবাদমেলত । এটা মাত্ৰ জনগোষ্ঠীৰ সহস্ত্ৰ সংগ্ৰামৰ দোহাই দি আলোচনাৰ নামত একপক্ষীয়ভাৱে চুক্তি সম্পাদন কৰাৰ বিৰোধিতা কৰি অবড়ো সকলৰ অধিকাৰ আৰু সম উন্নয়ন তথা মৰ্যাদাৰ দাবীত আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী দল সংগঠনকেইটাই ।
আৰু পঢ়কঃ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা "ফিল্ম ফেয়াৰ"ক লৈ ক্ষোভ বুদ্ধিজীৱী,কলা-কৌশলীৰ