চিৰাং, ৩১জুলাই: চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা তীব্ৰবেগী বানৰ ফলত নিজলা নৈয়ে ধাৰণ কৰিছে এক ভয়ংকৰ ৰূপ । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰিত নিজলা নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে নৈখনৰ দাঁতিত হোৱা গৰাখহনীয়াৰ ফলত লাউক্ৰীগুৰীৰ মথাউৰীটো যিকোনো সময়ত ভঙাৰ উপক্ৰম হৈছে ।
নিজলা নৈৰ পানীৰ চাপত দ্ৰতগতিত হৈ থকা গৰাখহনীয়াৰ ফলত মথাউৰিটো পানীয়ে খহাই নিলে নৈখনৰ গতি পথেই সলনি হ'ব । ইতিমধ্যে লাউক্ৰীগুৰি গাঁৱৰ মাজেৰে নিজলা নৈৰ বাঢ়নি পানীৰ সোঁত ববলৈ আৰম্ভ কৰিছে । যদিহে পানীৰ চাপত মথাউৰি ছিগি লাউক্ৰীগুৰি গাঁৱৰ মাজেৰে নিজলা নৈখনে গতি সলনি কৰে তেনেহ'লে বানত ক্ষতিগ্ৰস্থ হ'ব প্ৰায় ২৫ৰ পৰা ৩০ খন গাঁও । ফলত প্ৰায় ২০ হেজাৰ লোক নিজলা নৈৰ বানৰ সংহাৰৰ সন্মুখীন হব লাগিব । বিগত দিনকেইটাত হৈ থকা এই গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিলে লাউক্ৰীগুৰীবাসী ৰাইজে ।
কিছুদিন পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই অঞ্চলটো পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছিল যদিও আজি পৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা ।
আনফালে আই নদীয়ে মাদাৰপুৰ গাঁৱৰ মথাউৰিটো চিঙাৰ ফলত নদীয়ে মাদাৰপুৰ গাঁৱৰ মাজেৰে গতি কৰিছে । ফলত আই নদীৰ গৰাখহনীয়াত মথাউৰি চিঙি নদীৰ পানীয়ে গতি সলনি কৰাত নিশ্চিহ্ন হৈ পৰিছে বুৰিঝাৰ, নেপালপাৰা, ডাবাবিল আৰু ডেবৰবিল গাঁও । সমান্তৰালকৈ ছোটো আমগুৰি আৰু সন্যাসিবাৰী গাঁওখনো এতিয়া পানীৰ তলত ।
আন এখন নৈ মাক্ৰাৰ খহনীয়া অব্যাহত থকাৰ ফলত তুলসীঝোৰাতো একেই পৰিৱেশে বিৰাজ কৰিছে । নাঙলভাঙা নৈৰ খহনীয়াত ক্ষতিগ্ৰস্থ হৈছে শিশুবাৰী,পলাংসুগুৰি আদিকে ধৰি বহুকেইখন গাঁও ।
ইয়াৰ বাহিৰেও চিৰাং জিলাৰ বহুকেইখন নৈ উপনৈৰ বাঢ়নী পানীয়ে ভয়াবহ ভাবে ক্ষতিগ্ৰস্ত কৰিছে অসংখ্য গাঁও ।
লগতে চাওক-আইন অমান্যকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ